
newsnextone.com | ডিব্ৰুগড়ঃ গোলকীয় উষ্ণতা ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে৷ পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা। পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷
মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, ৰোধ কৰিব লাগিব পাহাৰ ধ্বংস৷ ৰুব লাগিব গছ-গছনি৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি বন বিভাগ, টিংৰাই চাৰিআলি ব্যৱসায়ীৰ সহযোগত শনিবাৰে টিংৰাই চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয়৷ দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালাই বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভৰাম্ভ কৰে।
চলিত বৰ্ষত অসম চৰকাৰে বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত ১০ লাখ গছ পুলি ৰোপন কৰাৰ লক্ষ্য স্থিৰ কৰে৷ যাৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত বন বিভাগে অনুষ্ঠান-প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে৷ দুলীয়াজানৰ টিংৰাইত বন বিভাগ, টিংৰাই চাৰিআলি ব্যৱসায়ীৰ সহযোগতো বৃক্ষৰোপন কৰা হয়৷ বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰাৰ পূৰ্বে এখন সভা অনুষ্ঠিত হয়৷ সভাত বিধায়ক তেৰচ গোৱালাই ভাষণ প্ৰদান কৰি সকলোকে ৰৃক্ষৰোপন কৰাৰ আহ্বান জনায়৷
বিদ্যালয়খনৰ চৌহদত ৰোপন কৰা প্ৰতিটো গছপুলিৰ নাম দিবলৈ আৰু ছাত্ৰ-ছাত্ৰীক নাম ফলক আঁৰি বন্ধুত্ব স্থাপন কৰিবলৈ উপেদশ দিয়াৰ লগতে বন্ধু বান্ধৱীৰ জন্মদিনত এটা গছপুলি উপহাৰ দিবলৈ আহ্বান জনাই বিধায়ত তেৰাচে। মনৰ প্ৰশান্তিৰ বাবে আমি যি দৰে পুৱা গধুলি প্ৰাৰ্থনা কৰোঁ থিক তেনেদৰে আমি গছকো পুজা অৰ্চনাৰে সেৱা কৰিব লাগে বুলি কয়। সাৰ-পানী দি বন বিভাগে গছ পুলিটো বাঢ়ি অহাৰ বাবে নিয়োজিত হ’ব লাগে বুলি কয় বিধায়কগৰাকীয়ে।
কাৰ্যসূচীত ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকাৰী ৰাজেন চৌধুৰী, টিংৰাই গাঁও পঞ্চায়তৰ সভাপতি হেমৰাজ শৰ্মাৰ লগতে সমাজ সেৱক তুলতুল হুছেইন, পৰেশ গোস্বামী, পৰশুৰাম শৰ্মা আদি উপস্থিত থাকে৷ চাৰিআলিস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত বিধায়কগৰাকীয়ে বৃক্ষ ৰোপন কৰে।