কবিৰ আড্ডাত জীপাল আঘোণৰ নিশা

নলবাৰীঃ আঘোণৰ সন্ধিয়া কবিৰ কবিতাৰেৰে জীপাল হ’ল নলবাৰী৷ নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমীৰ প্ৰাংগনত মঙলবাৰে আবেলিৰ পৰা নিশালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা এদল কবিৰ আড্ডাত জীপাল হ’ল আঘোণৰ সন্ধিয়া। নিয়ৰ শিক্ত মুকলি আকাশৰ তলত এক নান্দনিক পৰিবেশত 'আঘোণৰ আবেলি 'শীৰ্ষক কবি সন্মিলন অনুষ্ঠিত হয়।

কবি বিপুল কুমাৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলে বিশিষ্ট কবি ডাঃ পংকজ গোবিন্দ মেধি, কমল কুমাৰ জৈন, হীৰেন্দ্ৰ কুমাৰ শৰ্মা, বিনয় কুমাৰ মজুমদাৰ, নিতুল কুমাৰ দত্ত, আবেদুৰ ৰহমান, ডঃ হিতেশ দাস, হিতেশ ডেকা, কমল শৰ্মা, ভূৱনেশ্বৰ ডেকা, অজিত ৰাজবংশী, ভাস্কৰ দত্ত, অৰণ্যম কাশ্যপ, নৱজ্যোতি পাঠক, ৰচিতা নায়ক, জিতেন্দ্ৰ কুমাৰ জৈন, শংকৰ শৰ্মা আদি প্ৰমূখ্যে ডেৰকুৰি কবিয়ে অংশ লয়।

কবি সন্মিলনত শংকৰদেৱ একাডেমিৰ কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে স্বৰচিত কবিতা পাঠ কৰে। কহুৱা দত্ত আৰু উদ্ধৱ ঠাকুৰীয়াৰ সুমধুৰ কন্ঠৰ গীতে অনুষ্ঠানটোত অন্যতম মাত্ৰা প্ৰদান কৰে।