
বোকাজানঃ অৱশেষত আৰক্ষীৰ অভিযান চলিল বিতৰ্কিত ব্যৱসায়ী মূলচান্দ ৰাথোৰৰ সাম্ৰাজ্যত৷ লোনৰ কিস্তি নিদিয়াত নিদিয়াত অৱশেষত আৰক্ষীৰ অভিযান চলিল বিতৰ্কিত ব্যৱসায়ী মূলচান্দ ৰাথোৰৰ সাম্ৰাজ্যত৷
বোকাজানৰ বিতৰ্কিত সুৰা মাফিয়া মূলচান্দ ৰাথোড়ে বিগত ২০১২ চনতে বোকাজান মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ লাহৰিজানৰ লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ পৰা ৭০ লাখ টকা তেওঁৰ মালিকীস্বত্বৰ ফ্ৰেণ্ডচ ডিষ্ট্ৰিলেৰী এণ্ড বটলিং ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড নামৰ সুৰা কাৰখানাৰ বাবে কেইবা লাখ টকা লো ঋণ লৈছিল৷
এই বৃহৎ ঋণৰ বন্ধক হিচাপে মূলচান্দ ৰাথোড়ে ৰাখিছিল ফ্ৰেণ্ডচ ইণ্ডাষ্ট্ৰীৰ ১০ বিঘাতকৈ অধিক মাটিৰ লগতে খটখটিস্থিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ২ বিঘা ৩ কঠা ৭ লোচা মাটি৷ কিন্ত লক্ষণীয় কথা যে ২০১২ চনতে ৰাথোড়ে লোৱা বৃহৎ ঋণৰ এটকাও বেংকক পৰিশোধ নকৰাত বৰ্তমান সেই ৭০ লাখ টকা সুতে মূলে ১ কোটি ২ লাখ ৮ হাজাৰ ৮৪ টকা হয়৷
এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই ৰাথোড়ক বহুবাৰ বিভাগীয়ভাৱে জাননী প্ৰেৰণ কৰাৰ পাছতো তেওঁৰ পৰা কোনো সঁহাৰি নোপোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান তথা জিলা উপায়ুক্তৰ নিৰ্দেশত ৰাথোড়ৰ উক্ত দুয়োদুখৰ মাটিত থকা সম্পত্তি ছীল কৰিবলৈ গুৱাহাটী আৰু ডিফুৰ পৰা আৰক্ষীসহ এটা বৃহৎ দল মঙলবাৰে খটখটিত উপস্থিত হয়৷
ডিফুৰ পৰা অহা দণ্ডাধীশ জ্যোতিৰ্ময় দৈমাৰী, লাংপী দেহাংগী গাঁৱলীয়া বেংকৰ মহাপ্ৰবন্ধক দীপক কুমাৰ ভৌমিকৰ উপস্থিতিত মা-কালী এচেচ ৰিকনষ্ট্ৰাকছন ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ বিষয়া তথা ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত সহকাৰী মহাপ্ৰবন্ধক দীপক দাসৰ নেতৃত্বত খটখটিৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ৰাথোড়ৰ সম্পত্তি ছীল কৰে৷
পুৱাৰ ভাগতে ৰাথোড়ৰ সম্পত্তি ছীল কৰিবলৈ অহা এই দলটোৱে সন্ধিয়াৰ সময়তহে ৰাথোড়ৰ সম্পত্তি ছীল কৰে যদিও ফ্ৰেণ্ডচ ডিষ্ট্ৰিলেৰী এণ্ড বটলিং ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেডৰ সম্পত্তি ছীল কৰাৰ প্ৰাকক্ষণতেই হঠাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা মূলচান্দ ৰাথোড়ৰ সম্পত্তি ছীল নকৰিবলৈ ডিফু আৰু গুৱাহাটীৰ পৰা অহা বৃহৎ দলটোলৈ স্থগিতাদেশৰ নিৰ্দেশ পত্ৰ আহে৷ উল্লেখ্য যে বিতৰ্কিত সুৰা মাফিয়া মূলচান্দ ৰাথোড়ে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশৰ জাননী লাভ কৰি ছীল কৰা সামগ্ৰী মোকলাই লবলৈ সক্ষম হোৱা কাৰ্যই বোকাজানত সৰৱ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷