সুৰাৰ বিৰুদ্ধে আৰক্ষী, যমুনামুখত উচ্ছেদ অবৈধ সুৰাৰ ঘাটি

newsnextone.com | হোজাইঃ হোজাই জিলাৰ যমুনামুখত সোমবাৰে সন্ধিয়া আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। 

জানিব পৰা মতে, যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত সৰুপথাৰ খকনজুৰি গাঁৱত এই অভিযান চলায়। হোজাইৰ ডিএছপি তথা লেডী ড’ন খ্যাত ভনীতা নাথ আৰু যমুনামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিষেক বড়োৰ নেতৃত্বত চলা এই অভিযান কালত গাঁওখনৰ পৰা বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে কেবাটাও চুলাইৰ ঘাটি উচ্ছেদ কৰে। 

উল্লেখ্য যে, যোৱা দুদিন পূৰ্বে এই গাঁৱৰে একাংশ লোকে সুৰাপান কৰি সোপাধৰাৰ সন্দেহত যমুনামুখৰ দুজন যুৱকক দলবদ্ধ আক্ৰমণ কৰিবলৈ ওলাই আহিছিল যদিও যমুনামুখ আৰক্ষীৰ তৎপৰতাত সৌভাগ্যক্ৰমে যুৱক দুজনৰ প্রাণ ৰক্ষা পৰে।