আৰক্ষী বনাম আৰক্ষী, আৰক্ষীয়ে ৪৫ লাখ টকালৈ এৰি দিছিল সন্ত্ৰাবাদীক

ডিজিটেল ডেস্কঃ দেশ তথা দহৰ বাবে সেৱা আগবঢ়োৱাৰ শপত লোৱা এগৰাকী লোকে লাখ লাখ টকা লৈ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপ সন্ত্ৰাসবাদীক সহায় কৰাৰ খবৰ চিন্তাৰ কাৰণ হৈ পৰিছে৷ যোগী আদিত্য নাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মোটা অংকৰ ধন লৈ সন্ত্ৰাসবাদীক এৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে পঞ্জাৱ আৰক্ষীয়ে৷

২০১৬ বৰ্ষত পঞ্জাৱৰ নাভা জেল ভাঙি খালিস্তানী সন্ত্ৰাসবাদী গোপী ঘনশ্যামপুৰা পুৰাই পলায়ন কৰিছিল৷ সন্ত্ৰাবাদীগৰাকী জেলৰ পৰা পলায়ন কৰাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ প্ৰায় এবছৰ মুৰকত সন্ত্ৰাসবাদী গোপী ঘনশ্যামপুৰাক পলায়ন কৰাত উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী আই পিএছ বিষয়াই সহায় কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে দেশত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পঞ্জাৱ আৰক্ষীয়ে এটি ভিডিঅ’ ক্লিপ যোগে এই অভিযোগ উত্থাপন কৰে৷

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ভিড়িঅ’ ক্লিপটোত আৰক্ষী বিষয়াই এৰি দিয়াৰ বাবদ দৰদাম কৰি থকাৰ কথা উল্লেখ আছে৷ প্ৰথমে এক কোটি টকা বিছাৰিছিল বিষয়াগৰাকীয়ে৷ তাৰ পিছত ৪৫ লাক টকাত মান্তি হয় আৰক্ষী বিষয়াগৰাকী৷ যোৱা ২৭ নৱেম্বৰত নাভা জেল ভাঙি ৬ সতীৰ্থ সহ পলায়ন কৰে সন্ত্ৰাসবাদী গোপী৷ পঞ্জাৱ আৰক্ষী আৰু উত্তৰ প্ৰদেশৰ দমন স্কোৱাৰ্ডে যৌথ অভিযান চলাই প্ৰায় এসপ্তাহৰ পিছত গোপী আটক কৰিবলৈ সক্ষম হৈছিল৷

তাৰ পাছতো পুনৰ জেলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল গোপী৷ জেলৰ ভিতৰত কোনো লোকৰ সহায় নোহোৱাকৈ গোপীয়ে পলায়ন কৰিব নোৱাৰে বুলি অভিযোগ উত্থাপন হয়৷ ইতিমধ্য এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান সুলখান সিং আৰু গৃহ সচিব অৰবিন্দ কুমাৰক সমস্ত ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷