ওদালগুৰিত সতীৰ্থৰ হাতত নিহত জোৱান

ওদালগুৰিঃ পূজাৰ আনন্দ উৎসাহৰ মাজতে ওদালগুৰিত সংগটিত হ’ল হৃদয় বিদাৰক অঘটন৷ সতীৰ্থ জোৱানৰ চুৰিকাঘাটত প্ৰাণ গ'ল সতীৰ্থ জোৱানৰ। ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী চকীত সঘটিত হয় ঘটনাটি।

জানিব পৰা মতে বুধবাৰে নিশানিগৰ কৰ্তব্য পালন কৰি উভটি আহোতে সতীৰ্থৰ লগত সৰু বাক বিতণ্ডা ঘটে৷ তাৰ পাছতেই সতীৰ্থজনে হাতত থকা চুৰিৰে জোৱান জনক আঘাত কৰাত গহপুৰৰ শংকৰ কাডেং নামৰ জোৱান জনে মৃত্যুক আঁকোৱালি লবলগা হয়৷