বন বিভাগে জব্দ কৰা কাঠফলা মিল ৫০ হাজাৰ টকাত বিক্ৰী কৰিলে আৰক্ষী বিষয়াই

newsnextone.com | তেজপুৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে বনাঞ্চল ধ্বংসৰ কাৰ্য ৷ প্ৰতিশ্ৰুতিৰ ঢল বোৱাই ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰিছিল অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁট চৰকাৰে৷

বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন অগপ বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে বনজ সম্পদ ৰক্ষাত বিফল হৈছে৷ কিয়নো ৰাজ্যত আজিও অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ খবৰ প্ৰতিদিনে প্ৰচাৰ হৈ আহিছে৷

চৰকাৰে বন সংৰক্ষণৰ বাবে ন ন ব্যৱস্থা লোৱাৰ সময়তে এচাম অসাধু ব্যৱসায়ীয়ে ৰাজ্যত চলাই আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা৷ কিন্তু যাক ভৰষা কৰি বন ৰক্ষা কৰাৰ বাবে চৰকাৰে বৰ বৰ কথা কৈ আহিছে তেওঁলোকেই বন বিভাগ ধ্বংস কৰিবৰ বাবে হাত উজান দিয়া তথ্য পোহৰলৈ আহিছে৷

কিয়নো বন বিভাগে জব্দ কৰি আৰক্ষীক গতাই দিয়া এটা কাঠফলা মেচিন চৰকাৰী নিবিদা অবিহনে আৰক্ষী বিষয়াই বিক্ৰী কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰত৷ তেজপুৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমিনুল ইছলামৰ বিৰুদ্ধে জব্দকৃত কাঠফলা মেচিন বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ জিলা প্ৰশাসনে কাঠফলা মেচিনটো উদ্ধাৰ কৰে যদিও আৰক্ষী বিষয়া আমিনুল ইছলাম বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে৷ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমিনুল ইছলামক বিচাৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, বন বিভাগে বৰঘাট আৰক্ষীৰ সহযোগত অভিযান চলাই জীয়াভৰলিপাৰৰ পৰা জব্দ কৰিছিল এটা অবৈধ কাঠফলা মেচিন৷ প্ৰয়া ৭ মাহ পূৰ্বে জব্দকৃত মেচিনটো থোৱাই আছিল বৰঘাট আৰক্ষী চকী চৌহদত৷

মেচিনটো মঙলবাৰে নিশা বৰঘাট আৰক্ষীয়ে আমোলাপামৰ এজন কাঠ ব্যৱসায়ীক গোপনে বিক্ৰী কৰে৷ পিছত স্থানীয় লোকে এই বিষয়টো জিলা উপায়ুক্তক লিখিতভাৱে অভিযোগ দাখিল কৰাত উপায়ুক্তই জাৰি কৰা নিৰ্দেশৰ ভিত্তিত বুধবাৰে বন বিভাগৰ লোকে অভিযান চলাই উদ্ধাৰ কৰে কাঠফলা মেচিনটো৷ ইফালে অবৈধ কাঠফলা মিল বিক্ৰী কৰি পালয়ন কৰে বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমিনুল ইছলামে৷ 

বুধবাৰে এই ঘটনাৰ পিছতে সাংবাদিকৰ দল বৰঘাট আৰক্ষী চকীত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিষয়ে জানিব বিচৰাত বিষয়াগৰাকী ইটানগৰলৈ যোৱা বুলি জানিবলৈ দিয়ে৷ খোদ আৰক্ষী বিষয়াই এনেদৰে জব্দকৃত কাঠ মিল গোপনে বিক্ৰী কৰাৰ ঘটনাই তাব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আইন ৰক্ষকেই যদি ভক্ষকৰ ৰূপ লয় তেন্তে পৰিস্থিতি ভয়াবহ হ’ব পৰাৰ থল থাকে৷