
নামতিঃ আহোমযুগৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাৰ ধোদৰ আলিৰ ঐতিহ্যমণ্ডিত এখন পুলৰ শুকুৰবাৰে নৈশ বাছৰ খুন্দাত বৃহৎ এটা অংশ খহি পৰাত চাঞ্চল্যৰ সৃষ্টি হয়। নামতি পুল নামেৰে বিখ্যাত পুলটো শুকুৰবাৰে এখন বাছখনৰ খুন্দাত এটা অংশ খহি পৰে যদিও যাত্রী সকল কথমপি প্রাণ ৰক্ষা পৰে।
গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলা বাবে এতিয়া আহোম স্বর্গদেউৰ ৰাজত্ব কালৰ নামতি নৈৰ ওপৰত নির্মাণ কৰা ঐতিহাসিক পুলটো জহি খহি যাবলৈ ধৰাৰ পিছতো মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় দল-সংগঠনে পুলটো মেৰামতি কৰাৰ দাবী জনাই অহাৰ পিছতো নামতি পুলটো জৰাজীর্ণ অৱস্থাত থকাৰ ফলতে এনদৰে এটা ইতিহাস ধ্বংস হ’বলৈ ওলাইছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷
চৰকাৰক নামতি পুলটোৰ সমীপৰে বিকল্প দলং নিৰ্মাণ কৰি পুলটো সংৰক্ষণ কৰাৰ দাবী জনাইছিল৷ নামতি নৈৰ ওপৰত এখন পকী দলঙ নির্মাণ বাবে অনুদান দিছিল যদিও বিগত চাৰি বছৰে ঠিকাদাৰে নির্মাণৰ কাম সম্পূর্ণ কৰিব নোৱাৰিলে।
যাৰ বাবে পুৱতি নিশা কোনো গাড়ীয়ে খুন্দা মৰাৰ ফলত এটা অংশ খহি পৰে। সদৌ তাই আহোম ছাত্র সন্থাৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিত আৰন্ধৰাই নামতি নৈৰ ওপৰত নির্মাণ হৈ থকা দলং খন শীঘ্ৰে নির্মাণৰ দাবীত আটাছুৱে জিলা উপায়ুক্তক স্মাৰক পত্র প্রদান কৰিছিল যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে।
ঠিকাদাৰৰ মইমতালি দেখিও এবাৰো মাত মাতিবলৈ সাহস নোহোৱা বিয়াগোম গড়কাপ্তানী বিভাগটো কিহৰ অংকত নিমাত হৈ আছে ই এক ৰহস্যৰ সৃষ্টি কৰিছে। সংগঠনটোৱে ঐতিহাসিক নামতি পুলৰ সংৰক্ষণ, পুণৰ মেৰামতি আৰু নৱনির্মিত পকী দলংখন শীঘ্রে নির্মাণ সমাপ্ত কৰাৰ দাবী জনায়।