থাকিবলৈ নাই যাৰ ঘৰ, দৰিদ্ৰতাৰ হেঙাৰ ওফৰাই মেট্ৰিকত উজলিল বিশ্বনাথৰ টাবাচুম

newsnextone.com | বিহালীঃ দৰিদ্ৰতাৰ হেঙাৰ ওফৰাই শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫টা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫১০ নম্বৰ লাভ কৰি বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যাই৷ 

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ নিমবাৰী লাইনৰ দৰিদ্ৰ চলিম আনছাৰীৰ কন্যা টাবাচুম পাৰবিনে শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুথ্যাতিৰে উত্তীৰ্ণ হৈ সফলতা লাভ কৰে৷ কৃতী ছাত্ৰী টাবাচুম পাৰবিনে উজলাই বিশ্বনাথক। মানাবাৰী হাইস্কুলৰ পৰা পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল ছাত্ৰীগৰাকী।

এইদৰে এটি দৰিদ্ৰ পৰিয়ালৰ পৰা মেধাৱী ছাত্ৰীগৰাকীয়ে সু-ফলাফল প্ৰদৰ্শনেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে নৱ প্ৰজন্মৰ মাজতো এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

বহু কষ্ট আৰু সাধনাৰ বলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫টা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫১০ নম্বৰ লাভ কৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী টাবাচুম পাৰবিন। আৰ্থিক অনাটনৰ বাবে টিউচন কৰিব নোৱাৰা ছাত্ৰীগৰাকীয়ে পোৱা নাছিল উপযুক্ত সা-সুবিধা। বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ নিমবাৰী লাইনৰ চলিম আনছাৰীৰ কন্যাৰ ফলাফলত  উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো।

ছাত্ৰী গৰাকীয়ে বিজ্ঞান বিভাগত পঢ়ি এগৰাকী চিকিৎসক হোৱাৰ সপোন। সাধাৰণ দোকানী চলিম আনছাৰীয়ে কন্যাগৰাকীক প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিব নোৱাৰিব বুলি কয়। আনছাৰীয়ে সদাশয় দল-সংগঠন ব্যক্তি বিশেষৰ পৰা সহায় বিচাৰে৷ 

ইফালে বিশ্বনাথ জিলা আমছুৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলামৰ সৈতে বাঘমাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নে ছাত্ৰীগৰাকীৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতে বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে৷ বাঘমাৰীৰ শিক্ষক ৱাহিদ আলিয়ে ছাত্ৰী গৰাকীৰ কিতাপ-বহী, কলম আদি যোগান ধৰিব বুলিও জানিবলৈ দিয়ে।