ডাঙৰ মানুহ হ'ল ৰামেশ্বৰ-তেৰছ, নললে এটি দুৰ্ভগীয়া পৰিয়ালৰ খবৰ

দুলীয়াজানঃ নিৰ্বাচনৰ পূৰ্বে তেওলোকে গঢ়িব-দৰিদ্ৰ-দিনহাজিৰা কৰাৰ লোকৰ কাম কৰাৰ শ্ল’গান-প্ৰতিশ্ৰুতি দি ভোট আদায় কৰাৰ চেষ্টা কৰে৷ খাতিখোৱা মানুহক ভূৱা প্ৰতিশ্ৰুতি দি ভোট লৈ ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰুতিশ্ৰুতি পাহৰি যায়৷

দৰিদ্ৰ-খাতিখোৱা মানুহৰ ভোটেৰে সাংসদ-বিধায়ক হোৱাৰ পিছত তেওলোক ভিআইপি হৈ পৰে৷ দৰিদ্ৰ, খাতিখোৱা লোকক তেওলোকে পাহৰি যায়৷ তেওলোকে বিলাসী গাড়ী-আট্টালিকাত নতুন সপোন দেখিবলৈ আৰম্ভ কৰে৷ পৰিবৰ্তন কেৱল ৰাজনৈতিক দলৰ সৈতে জড়িত লোকসকলৰ হয়৷

ঠিকা, চাকৰিৰ পৰা সকলো সুবিধা তেওঁলোকে লাভ কৰে৷ অসহায়-বিপদত পৰা লোকক ঘুৰি নাচায় তেওলোকে৷ নিৰ্বাচনৰ পূৰ্বে খাতিখোৱা-দৰিদ্ৰ লোকক সাৱটি ধৰি ভোট আদায়ৰ চেষ্টা কৰা লোকসকলে নিৰ্বাচন পাৰ হোৱাৰ পিছত গঢ়িবৰ দেহৰ ঘামক হয়তো ঘৃণা কৰিবলৈ আৰম্ভ কৰে৷

এনেবোৰ কথাই এতিয়া ব্যাপক চৰ্চা হৈছে উজনি অসমৰ দুলীয়াজানৰ বকুলনি পঞ্চায়তৰ অৰ্ন্তগত কাটনি গাঁৱত৷ জানিব পৰা মতে, বকুলনি পঞ্চায়তৰ অৰ্ন্তগত কাটনি গাঁৱৰ দৰিদ্ৰ ৰিংতু কৰ্মকাৰৰ একমাত্ৰ বাসগৃহটো যোৱা ১১ নৱেম্বৰৰ নিশা প্ৰায় ৩ বাজত অগ্নিকাণ্ড সংঘটিত হৈ জুইত জাহ যায়৷

কাপোৰ-সামগ্ৰী সকলো জুইত জাহ যায়৷  দৰিদ্ৰ ৰিংতু কৰ্মকাৰ আৰু তেওঁৰ পত্নী মায়া কৰ্মকাৰ অগ্নিদগ্ধ হয়। তাৰ পিছতে বিভিন্ন মাধ্যমযোগে দুৰ্ভগীয়া পৰিয়ালটোৱে বিধায়ক-সাংসদক বাৰে বাৰে সহায় কৰাৰ আহ্বান জনাই আহিছিল৷ ইমানৰ পিছতো সাংসদ-বিধায়কে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে ৰাইজ।

শাসকীয় বিজেপি দলৰ সংসদ ৰামেশ্বৰ তেলি, বিধায়ক তেৰছ গোৱলাই অসহায় পৰিয়ালটোক আৰ্থিক সহায় কৰাটো দূৰৰ কথা খবৰ এটা নোলোৱাৰ ঘটনাই সকলোকে আঁচৰিত কৰে। স্থানীয় কোনো লোকে বিধায়কক পিৰয়ালটোৰ সমস্যা সন্দৰ্ভত অৱগত কৰে যদিও ব্যস্ত থকাৰ অজুহাত দেখুৱাই সহায় কৰাৰ পৰা আংতৰি থাকে৷

যাৰ বাবে স্থনীয় ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে। তাৰ মাজতে দুলীয়াজান কংগ্ৰেছৰ এটা দলে শনিবাৰে পৰিয়ালটোৰ খবৰ লয়৷ পৰিয়ালটোক আৰ্থিক সাহায্য দিয়াৰ লগতে আৱাসগৃহ ৰ্নিমান, চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে তেওলোকৰ মেধাৱী ছাত্ৰীগৰাকীক এখন পঢ়া টেবুল আৰু এখন বিছনা প্ৰদান কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত দলটোৱে উপস্থিত হৈছিল পৰিয়ালটোৰ ওচৰত৷