
newsnextone.com | মোৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৰিৰে লিখি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা হোজাই জিলাৰ মোৰাঝাৰৰ দিব্যাংগ ছাত্ৰী জেবিন কৌছৰক ৰাজ্যৰ কেইবাটাও অনুষ্ঠানে সহায় কৰিবৰ বাবে ওলাই আহিছে৷ যোৱা ২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছৰে পৰা জেবিনৰ ঘৰলৈ সমাজ সচেতন লোকৰ সোঁত বৈছে।
বিভিন্ন দল-সংগঠন আগুৱাই আহিছে দৰিদ্ৰ কিশোৰীগৰাকীক সহায় কৰিবৰ বাবে। আজমল ফাউণ্ডেছনে কিশোৰীগৰাকীৰ শিক্ষা জীৱনৰ সমুদায় খৰছ বহন কৰাৰ কথা ঘোষণা কৰে৷ তাৰ লগে লগে সোমবাৰে জেবিনৰ হাতত ৫১ হেজাৰ টকাৰ চেক তুলি দিয়ে আজমল ফাউণ্ডেছনে৷
আইএছ হোৱাৰ আশাপুহি ৰখা জেবিনক আজমলে পৰিয়ালে সহায় কৰাৰ লগতে জেবিনে অধ্যয়ন কৰা মোৰাঝাৰৰ বিদ্যালয়খনক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়ায় আজমল ফাউণ্ডেছনে। সোমবাৰে জেবিনে অধ্যয়ন কৰা বিদ্যালয়ত উপস্থিত হৈ এই ধন চেক যোগে প্ৰদান কৰে ফাউণ্ডেছনৰ মুখ্য প্ৰৱন্ধক খচৰুল ইছলামে।
ভৱিষ্যতে এগৰাকী আইএএছ বিষয়া হোৱাৰ সপোন দেখা জেবিনক প্ৰয়োজনীয় সকলো সহায়ৰ আশ্বাস প্ৰদান কৰে আজমল ফাউণ্ডেছনৰ লগতে হোজাইৰ জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক ভনিতা নাথে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰাঝাৰৰ অতিশয় দৰিদ্ৰ পৰিয়ালৰ সন্তান জেবিন কৌছৰে ভৰিৰ আঙুলীৰে লিখি ৬৪ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷
পিতৃ পেচাত এজন গাড়ী চালক৷ সামন্য উপাৰ্জনেৰে পৰিয়াল পোহপাল দি তাইৰ পঢ়া খৰছ, চিকিৎসা খৰছ, কাপোৰ কানি আদি দিব নোৱাৰা হেতুকে তাই আনৰ সহায়ত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা পঢ়ি সুখ্যাতি অৰ্জন কৰে৷ বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা হেতুকে ছাত্ৰ-ছাত্ৰীসকলে পৰ্যাপ্ত পৰিমানে সুবিধা লাভ কৰা নাছিল৷
কৃতি ছাত্ৰী জেবিনক মোৰাঝাৰৰ সাংবাদিক ছাদিকুজ জামানে ফলাফল ঘোষণা দিনটোতে পঢ়াৰ দায়িত্ব বহন কৰাৰ আশ্বাস প্ৰদান কৰিছিল৷