
অভয়াপুৰীঃ মৰমৰ সন্তানটোৱে বিছনাত সময় অতিবাহিত কৰিছে৷ সমনীয়াৰ সৈতে দৌৰি-ফুৰা, খেলা-ধূলা কৰা সন্তানটোৱে কেতিয়াবা মাতৃৰ কোলাত মূৰ থৈ চকুলো টুকিছে আকৌ কেতিয়াবা বিছনাৰ গাৰুত মূৰ থৈ কাৰোবাৰ মুখলৈ চাই ৰৈছে৷ তেও বুজি পোৱা নাই তেওৰ হৈছে কি৷ কিশোৰ অৱস্থাতে লাহে লাহে তেওঁ যেন ভাগৰি পৰিছে৷ অসহায় এক যন্ত্ৰণাৰ সৈতে সময় পাৰ কৰিছে৷
অসহায় দৰিদ্ৰ পৰিয়ালটোৱে চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ নাম তেওৰ দেৱজিত৷ এঘাৰ বছৰীয়া কিশোৰ দেৱজিতে পিতৃয়ে বিদ্যালয়ৰ সন্মুখত বাদাম বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে। চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰা অসহায় পিতৃ-মাতৃয়ে পুত্ৰৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হৈছে। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ২নং বাৰ্ডৰ পিৰাধৰাৰ বাসিন্দা মহাদেৱ পালৰ দৰিদ্ৰ হলেও কিছুদিন আগলৈ সুখেৰে সংসাৰ চলাই আছিল।
বিদ্যালয় সন্মুখত বাদাম বিক্ৰী কৰি মহাদেৱে সুন্দৰ ভাবে পৰিয়ালটোক পোহপাল দি আহিছিল। যোৱা এমাহ ধৰি বাদামৱলা মহাদেৱৰ পৰিয়ালত যেন কাৰোবাৰ চকু হে পৰিল। মহাদেৱৰ পুত্ৰ অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দেৱজিৎ পাল হঠাতে গুৰুতৰ ভাবে অসুস্থ হৈ পৰে। কিছুদিন মূৰৰ সামান্য বিষ আৰু বমিত হোৱাত দেৱজিতৰ শৰীৰৰ সোফালটো ক্ৰমশঃ বিকল হৈ পৰে। পুত্ৰৰ এনে অৱস্থাত নিৰক্ষৰ পিতৃয়ে প্ৰথমে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে পুত্ৰক৷
চিকিৎসকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে। দৰিদ্ৰ পিতৃ কোনোমতে সামান্য ধন গোটাই পুত্ৰক গুৱাহাটীলৈ লৈ যায়। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কিশোৰটিৰ মগজুৰ এম আৰ আই কৰাৰ পিছতেই পোহৰলৈ আহে যে কিশোৰ দেৱজিৎ যটিল ৰোগত আক্ৰান্ত হৈছে। কিশোৰটিৰ মগজুত এটি টিউমাৰৰ সংক্ৰমণৰ বাবেই অৱস্থা ক্ৰমাৎ সংকটজনক অৱস্থালৈ গতি কৰে৷ চিকিৎসকে দেৱজিতক বি বৰুৱা কেন্সাৰ হস্পিতাললৈ প্ৰেৰণ কৰে।
ইতিমধ্যে দেৱজিতৰ দেহৰ অৱস্থা সংকটজনক হৈ পৰাত চিকিৎসকে এনে অৱস্থাত চিকিৎসা সম্ভৱ নহয় বুলি ওভোটাই পঠিয়ায়। চিকিৎসকৰ এই ঘোষণাৰ পিছত অসহায় পিতৃ মাতৃয়ে কিশোৰটোক ঘৰলৈ ওভোটাই আনিবলৈ বাধ্য হয়। পিতৃ-মাতৃয়ে কিশোৰটোক ৰাজ্যৰ বাহিৰলৈ নি উন্নত চিকিৎসা প্ৰদান কৰিবলৈ অপাৰগ হোৱাত নীৰৱে চাই থাকিব লগা হৈছে পুত্ৰৰ মৰণ কাতৰ যন্ত্ৰণা।
তেওলোকৰ এই বিপদৰ কালত কোনো সদাশয় ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান তেওঁলোকৰ কাষত থিয় দিব। যাৰ সহায়ত পুত্ৰক চেন্নাই নতুবা বাংগালুৰুৰ কোনো উন্নত চিকিৎসালয়লৈ নি পুত্ৰৰ হেৰুৱাব খোজা কৈশোৰ পুনৰ ঘুৰাই আনিব বিছাৰে। অযুত সপোনলৈ পিতৃ মাতৃয়ে পুত্ৰৰ জীৱন প্ৰাৰ্থনা কৰি ৰাইজৰ পৰা বিচাৰিছে সহায়। ৰাইজ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানক পিতৃ মহাদেৱ পালৰ নামত থকা ভাৰতীয় ষ্টেট বেংক অভয়াপুৰী শাখাৰ ৩৪২২২৫৪৫১০১ নম্বৰৰ একাউন্টত সাহায্য প্ৰদানৰ বাবে অনুৰোধ জনায়। পিতৃৰ ৮৯২০৯১৩৬৩৭ মোবাইল নম্বৰত পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰিব৷