
চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মাউদ চাহ বাগিচাৰ শ্ৰমিক, শ্ৰমিকৰ পৰিয়ালে অনাহাৰে পাৰ কৰিলে ৪০ ঘন্টা৷ এজি কাম নকৰিলে এখাজ খাবলৈ নোপোৱা শ্ৰমিকসকলে যোৱা তিনিদিন ধৰি কৰ্মহীন হৈ পৰাত সন্তানৰ মুখলৈ চাই সময় অতিবাহিত কৰিছে শ্ৰমিকসকলে৷ এটপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে শ্ৰমিকৰ পৰিয়ালসমূহ৷ ইজনে-সিজনৰ মুখলৈ চাই চকুলো টুকি হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালসমূহে৷ চৌদিশে দীপাৱলীৰ পোহৰে ৰাজ্য উজলাই তুলিছে যদিও শ-শ শ্ৰমিকৰ পৰিয়ালৰ লোকৰ মুখবোৰ এন্ধাৰ হৈ পৰিছে৷
সন্তানৰ ভৱিষ্যতৰ কথা ভাবি দুশ্চিন্তাত পৰিছে শ্ৰমিকসকলে৷ বুধবাৰে চৰকাৰ, প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চাবুৱাৰ মাউদ চাহ বাগিচাত তলা ওলমাই বাগিচা কৰ্তৃপক্ষই৷ ভাত, ৰুটি আৰু কাপোৰৰ বাবে উত্তৰ অসমৰ শ-শ শ্ৰমিকে প্ৰতিবাদ কৰি থকাৰ সময়তে উজনিৰ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মাউদ চাহ বাগিচাত বুধবাৰে তলা ওলোমাই পলায়ণ কৰে বাগিচা কৰ্তৃপক্ষ৷ দেহৰ ঘাম পেলাই অৰ্থ উপাৰ্জন কৰি ঘৰ চলোৱা শ্ৰমিকসকলে এতিয়া কৰিব লগা হৈছে হাহাকাৰ৷
মাউদ চাহ বাগিচাৰ শ্ৰমিকসকলে যোৱা ১৭ অক্টোবৰত স্থায়ী চিকিৎসক নিযুক্তি দিয়া, প্ৰতিমাহে বিদুৎতৰ নামত ৪০০ টকাকৈ অন্যায়ভাৱে লোৱা বন্ধ কৰা, বাগিচাখনৰ শ্ৰমিকসকলৰ ঘৰত শৌচালয়ৰ নিৰ্মাণ কৰি দিয়া, শ্ৰমিকৰ জৰাজীৰ্ণ ঘৰ মেৰামতি কৰা, মজুৰি বৃদ্ধি কৰাকে আদি কৰি দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিচা খনৰ মালিকৰ বিৰুদ্ধে৷ বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি আবেদন কৰি গুৰুত্ব আৰোপ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে ১৭ অক্টোবৰত৷
এম্বুলেঞ্চ, চিকিৎসক, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি আদি বিচৰাৰ অপৰাধত ১৮ অক্টোবৰৰ পুৱাৰে পৰা বাগিচাখন লক আউট কৰি ফেক্টৰীৰ গেটত তলা লগাই নিসা পলায়ণ কৰে বাগিচা কৰ্তৃপক্ষ৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলৰ মাজত হাহাকাৰৰ পৰিবেশৰ সৃস্থি হয়৷ এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰশাসনক বাগিচাৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ শ্ৰমিকসকল কৰ্মহীন হৈ পৰাৰ আশংকাত পৰিয়াল চলাব নোৱাৰা হৈ পৰাৰ আশংকাত ভূগিছে৷
মাউদ চাহ বাগিছাৰ চাহ শ্ৰমিকে মালিক পক্ষই কৰি অহা শোষণ, বঞ্চনাৰ বিৰুদ্ধে একত্ৰিত হৈ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদী কাৰ্যসূচীত চাবুৱাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিতি হৈ শ্ৰমিকৰ সমস্যা সন্দৰ্ভত ২৪ অক্টোবৰত আলোচনাৰ দিন সিদ্ধান্ত গ্ৰহণ কৰিছিল। বাগিচাৰ শ্ৰমিকসকলৰ এটা দাবী প্ৰথম অৱস্থাত বাগিচা কৰ্তৃপক্ষই মানি লোৱা নাছিল যদিও পৰৱৰ্তী সময়ত শ্ৰমিকৰ প্ৰতিবাদত সেও মানি লিখিত প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছিল।
প্ৰতিবাদস্থলিত শ্ৰমিকসকলে দীপাৱলী উপলক্ষে শনিবাৰৰ বদলি বৃহস্পতিবাৰে দৰমহা বিছাৰিছিল যদিও বাগিচা কৰ্তৃপক্ষই দৰমহা দিম বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত। কিন্তু প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নিশাৰ ভিতৰতে পলায়ণ কৰে বাগিচা কৰ্তৃপক্ষ৷ বৃহস্পতিবাৰে বাগিছাৰ শ্ৰমিকসকলে সন্তানক দীপাৱলীৰ ফটকা কিনি দিবলৈ ফুটাকড়ি এটাও নাই বুলি ক্ষোভ উজাৰে৷ বাগিচাত দীপাৱলীৰ পোহৰ দেখা পোৱা নাযাব বুলি দুখ প্ৰকাশো কৰে৷
চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিজয় বাউৰী বাগিচা কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দি ভংগ কৰাৰ গুৰুতৰ অভিোগ উত্থাপন কৰে৷ প্ৰতি বছৰে দীপাৱলীত বাগিচাৰ প্ৰতিঘৰ শ্ৰমিক পৰিয়ালে উলাহ-মালহেৰে পালন কৰো বুলি কয়। এইবাৰ বাগিচাৰ কৰ্তৃপক্ষই চাহ বাগিচাখনৰ শ্ৰমিকসকলক দৰমহা নিদিয়াৰ ফলত প্ৰতিটো শ্ৰমিক পৰিয়ালত কান্দোনৰ ৰোল উঠে৷ এগৰাকী শ্ৰমিকে আমাৰ দৰমহা নিদিলে যাৰ বাবে দীপাৱলীৰ বজাৰ কৰা নহ’ল৷ আমি দুখীয়া মানুহ যে, ফটকা নুফুটাই আমি লৰা ছোৱালিয়ে৷