সাত বছৰ ধৰি সম্পূৰ্ণ ৰূপে বন্ধ পৰ্বতঝোৰা অঙ্গবাড়ী কেন্দ্ৰ

newsnextone.com পৰ্বতঝোৰাঃ  সুদীৰ্ঘ সাত বছৰ ধৰি সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে ১৩৪ নং দেৱত্তৰ খোপাতি প্ৰথম খণ্ড গাঁৱৰ অঙ্গবাড়ী কেন্দ্ৰ৷বিটিএডিৰ কোকৰাঝাৰ জিলাৰ দেবীতোলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন দেবত্তৰ খোপাতি প্ৰথম খণ্ড গাঁৱৰ অঙ্গবাড়ী কেন্দ্ৰৰ কৰ্মী দেবী ৰাভাই সুদীৰ্ঘ সাতটা বছৰ ধৰি অঙ্গবাড়ী কেন্দ্ৰটো নিজ ইচ্ছামতে বন্ধ কৰি ৰখাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

কণ কণ শিশু,কিশোৰী আৰু গৰ্ভৱতী মহিলাই পুষ্টিকৰ খাদ্য আৰু পাঠদানৰ পৰা বঞ্চিত হব লগীয়া হৈছে৷ যাৰ বাবে দেবী ৰাভাক ১৩৪ নং দেৱত্তৰ খোপাতি প্ৰথম খণ্ড গাঁৱৰ অঙ্গবাড়ী কেন্দ্ৰৰ পৰা বদলি কৰি গাঁও খনৰ পৰা শিক্ষিতা মহিলা এগৰাকীক নিয়োগ কৰাৰ আহ্বান জনাইছে কৰিছে গাঁও খনৰ ৰাইজে৷

 প্ৰাপ্ত তথ্য অনুসৰি অঙ্গবাড়ী কেন্দ্ৰৰ পৰা সাতৰ পৰা আঠ কিলোমিটাৰ দূৰত্বৰ গাঁৱৰ পৰা কেনেকৈ আৰু কাৰ জড়িয়তে এই খন কেন্দ্ৰত নিযুক্তি লাভ কৰিব পাৰিলে সেয়াও ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷

দেবী ৰাভাক গাঁও খনৰ ৰাইজে শিশু সকলক পাঠদান কৰাৰ বাবে আহ্বান জনায় যদিও অঙ্গবাড়ী কৰ্মী দেবী ৰাভাই ৰাইজক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ তুলিছে ৰাইজে৷ পৰ্বতঝোৰা অঙ্গবাড়ী কেন্দ্ৰটোৰ প্ৰতি সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কি পদক্ষেপ লয় সেয়াহে লক্ষণীয় হব৷