
গৰৈমাৰীঃ গৰৈমাৰীৰ কালাতলীত আজি এগৰাকী ডাক পিয়নৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰে৷
জানিব পৰা মতে, সোণতলী মৌজাৰ নতুন কাঠমী গাঁও নিবাসী তথা কালাতলী উপ-ডাক ঘৰৰ পিয়ন একদেল হুছেইনে হঠাৎ বুকুত বিষ অনুভৱ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷
পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটী জি এম চি এইচলৈ নিয়ে যদিও চিকিৎসা প্ৰদান কৰাৰ মাজতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় হুছেইনৰ৷
৬১ বছৰীয়া হুছেইনে মৃত্যুৰ সময়ত পত্নী, চাৰি গৰাকী পুত্ৰ, এগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়৷