
নলবাৰীঃ ‘‘কোনো মৃত্যুকে সহজে গ্ৰহণ কৰিব নোৱাৰো। চৰকাৰে এইক্ষেত্ৰত এটা ব্যৱস্থা লব লাগে। অৱশ্যে চৰকাৰে আৰম্ভ কৰা তদন্তৰ ৰিপৰ্ট এতিয়ালৈকে মই গম পোৱা নাই। লগতে ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ বাবে চৰকাৰে উচিত ব্যৱস্থা লব লাগে।" বুধবাৰে নিশা নলবাৰীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰপেটা মেডিকেল কলেজৰ ICUত নৱজাতকৰ মৃত্যু প্ৰসংগত এইদৰে মন্তব্য কৰে।
বৰপেটা জিলাৰ বাঘবৰত সংখ্যালঘুৰ এক সভাত অংশ লৈ গুৱাহাটীলৈ উভতি আহোতে নলবাৰীৰ প্ৰণীতা ৰেষ্টুৰেন্টত দলীয় সতীৰ্থ সকলৰ সৈতে এক চাহ মেলত ভাগ লয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস সহিতে দলীয় কৰ্মী সকলৰে সৈতে ৰেষ্টুৰেন্টখনত চাহৰ সোৱাদ লোৱাৰ লগতে কিছু দলীয় আলোচনা কৰে নলবাৰী জিলা অগপৰ কৰ্মী সকলৰ সৈতে। আনহাতে, কফি মিঠাই খোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীয়ে কওঁ নকওঁকৈ প্ৰকাশ কৰিলে বহু কথা। কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি মহন্তই কয়- ‘‘গ্ৰেপ্তাৰে কোনো সমস্যাৰ সমাধানৰ পথ নহয়’’।
আনহাতে, কুমাৰ দীপক দাসৰ ভাষ্য অনুসৰি বৰপেটাৰ বাঘবৰত অনুষ্ঠিত সভাখনত প্ৰায় পোন্ধৰ হাজাৰ অন্য দলৰ কৰ্মীয়ে অগপ দলত যোগদান কৰে। তাৰ পৰা আহি থাকোতে প্ৰায়ে সোমোৱাৰ দৰে প্ৰণীতা ৰেষ্টুৰেন্টত চাহ খাবলৈ সোমায় অগপ নেতৃবৰ্গ। আনফালে বিজেপি-অগপৰ সম্পৰ্কৰ বিষয়ে ব্যক্ত কৰি দাসে কয়, ‘‘মিত্ৰ দলৰ চৰকাৰ হলেও অগপ দলৰ নিজা স্থিতি আছে৷ যাৰ বাবে অগপে কাৰো পিঠিত উঠি গোটেই জীৱন নচলে।’’ আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত অগপ দলৰ।
লক্ষণীয়ভাৱে চৰকাৰৰ স্থিতিক লৈ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত দুয়োগৰাকী নেতাই গা এৰা দিয়া মন্তব্য দাঙি ধৰা পৰিলক্ষিত হয়। যদিওবা পঞ্চায়ত নিৰ্বাচনত অকলে যুঁজিব বুলি কৈ আছে তথাপিও যেন কিবা এটা ৰহস্যৰ গোন্ধ পোৱা গৈছে দুয়োগৰাকী জেষ্ঠ নেতাৰ চৰকাৰৰ স্থিতিক লৈ দিয়া মন্তব্যত।