
newsnextone.com | কামপুৰঃ আকৌ ৰাজপথত প্ৰতিবাদকাৰীৰ ৰূপত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত৷ ছাত্ৰৰ ৰাজনীতিৰ পৰা অসম আন্দােলনৰ নেতৃত্ব লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে৷ ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে ৰাজ্যৰ শাসকীয় দল বিজেপিৰ সহযোগী দল অসম গণ পৰিষদেও তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে৷
প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত শুকুৰবাৰে নগাঁও জিলাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অগপই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি কামপুৰত অসম গণ পৰিষদে বৃহৎ জোঁৰ সমদল উলিয়াই৷ প্ৰতিবাদকাৰীৰ ৰূপত ৰাজ পথলৈ ওলাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই৷
নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে অগপ, কৃষক মুক্তিৰ লগতে কেইবাটাও সংগঠনে কামপুৰত জোঁৰ লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে শীঘ্ৰে বিধেয়ক খন বাতিল নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে।
বিধেয়ক খন ষড়যন্ত্ৰ মুলক ভাবে গৃহিত কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা কাৰ্যক কোনো কাৰণতে মানি নলয় বুলি সকীয়াই দিয়ে সংগঠন কেইটাই। আহ ঐ আহ ওলাই আহ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ গ’বেক আদি শ্ল’গানেৰে কামপুৰ অঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলে।