কলিয়াবৰ আৰক্ষী থানাত বন্ধ কোঠাত নিতুল-ছহিদৰ সৈতে বন মন্ত্ৰী প্ৰমিলা ৰাণী

কলিয়াবৰঃ গঁড় হত্যাৰ সৈতে জড়িত দুজন যুৱকক জেৰা কৰিবলৈ হঠাৎ কলিয়াবৰত উপস্থিত হয়৷ মঙলবাৰে গঁড় হত্যাৰ সৈতে জড়িত তথা চোৰাং চিকাৰীক বন বিভাগ তথা আৰক্ষীৰ লোকৰ অৱস্থানৰ তথ্য যোগান ধৰা দুজন যুৱকক নগাঁও আৰক্ষীয়ে আটৰ কৰে৷

আৰক্ষীৰ জেৰাত দুয়ো যুৱকে বহু বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ বনৰীয়া জীৱ-জন্তুৰ হত্যা ৰোধ কৰাত বিফল মন্ত্ৰীগৰাকীয়ে এই খবৰ লাভ কৰাৰ পিছতে নগাঁও অভিমুখে ৰাওনা হয়৷ সন্ধিয়া কলিয়াবৰ থানাত উপস্থিত হৈ কলিয়াবৰৰ জখলাবন্ধাৰ দাৰিগজিৰ নিতুল হাজৰিকা আৰু বৰহোলাৰ ছহিদ আলিক থানা খনৰ এটি কোঠাত দোৱাৰ বন্ধ কৰি সোধ-পোছ কৰে মন্ত্ৰীগৰাকীয়ে৷ বহু সময় কথা পাতি মন্ত্ৰীগৰাকীয়ে গঁড় হত্যা সন্দৰ্ভত বিভিন্ন তথ্য জানিবৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে৷

মঙলবাৰে নগাও আৰক্ষী গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত আটক কৰিবলৈ সক্ষম হৈছিল জখলাবন্ধাৰ দাৰিগজিৰ নিতুল হাজৰিকা আৰু বৰহোলাৰ ছহিদ আলিক৷ নিতুল হাজৰিকা কলিয়াবৰৰ আদালতৰ সন্মুখনৰ এখন দোকানত কাম কৰে বুলি জানিব পৰা গৈছে। নিতুল হাজৰিকাই ২ আৰু ৪ অক্টোবৰত গড়ঁ হত্যাৰ পূৰ্বে চিকাৰীৰ সৈতে সঘনাই ফোন যোগে সম্পৰ্ক স্থাপন কৰি আহিছিল বুলিও আৰক্ষীয়ে তথ্য লাভ কৰে৷

দুয়ো যুৱকে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ সময়ত বন বিভাগ আৰু আৰক্ষীৰ লোকৰ অৱস্থান নিৰীক্ষণ কৰিছিল বুলিও দুয়োজন যুৱকে আৰক্ষীৰ জালত পৰাৰ পিছত বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ যাৰ বাবে তেওলোকে লাভ কৰিছিল মোটা অংকৰ ধন৷ কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত সঘনাই সংঘটি হৈ অহা গড়ঁ হত্যাৰ বহু তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে৷ যোৱা ২ আৰু ৪ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ গঁড় হত্যা কৰিছিল চোৰাং চিকাৰীয়ে৷ উক্ত গঁড় হত্যাকাণ্ডৰ সৈতে দুয়ো যুৱক জড়িত থকাৰ সন্দেহ কৰা হৈছে৷