প্ৰমিলা ৰাণী ব্ৰহ্মই বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱণ্টন পত্ৰ

কোকৰাঝাৰঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কোকৰাঝাৰ চহৰ অঞ্চলৰ ২১৪৪ গৰাকী আৰু গোসাইগাওঁ মহকুমাৰ ৪৪১ গৰাকী বাচনিকৃত হিতাধিকাৰীৰ মাজৰ পৰা বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত ৫০ গৰাকী হিতাধিকাৰীক গৃহ নিৰ্মানৰ আৱন্টন পত্ৰ বিতৰন কৰা হয়৷

কোকৰাঝাৰ পৌৰসভা আৰু কোকৰাঝাৰ উন্নয়ন প্ৰাধিকৰনৰ উদ্যোগত কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আৱন্টন পত্ৰ বিতৰন অনুষ্ঠানত ৰাজ্যৰ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উপস্থিত থাকি গৃহ নিৰ্মানৰ আৱণ্টন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

আৱণ্টন পত্ৰ বিতৰণ উপলক্ষে অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰি তুলিবলৈ চৰকাৰ বিভিন্ন আঁচনি হাতত লৈছে আৰু ইয়াৰে অন্যতম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা। প্ৰথম পৰ্যায়ত ৫০ গৰাাকী হিতাধিকাৰীক গৃহ নিৰ্মানৰ আৱণ্টন পত্ৰ দিয়াৰ কথা সদৰি কৰি মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আঁচনি সফলভাৱে ৰূপায়নত গুৰুত্ব আৰোপ কৰে।

আজিৰ অনুষ্ঠানত বিটিচিৰ কাৰ্যৱাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী, ৰাজীৱ কুমাৰ ব্ৰহ্ম, কোকৰাঝাৰ নগৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ দাওৰাও দেখ্ৰেব নাৰ্জাৰী, জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱা, চক্ৰ বিষয়া দীপন বৰ্মন, পৌৰনিগমৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰী, নগৰ উন্নয়ন বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া বীৰেন স্বৰ্গয়াৰীকে ধৰি বহু বিশিষ্টই  উপস্থিত থাকে।