ছাত্ৰী ৰাধাৰ পৰিয়ালক ২ লাখ টকাৰ সাহায্য সমাজ কল্যাণৰ, ৰেল বিভাগে ভগ্নীক দিব চাকৰি

filephoto
filephoto

newsnextone.com | শিৱসাগৰঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত ধৰ্ষণ-হত্যা কৰাৰ পিছতে শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে শনিবাৰে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম৷ শনিবাৰে পুৱাই ছাত্ৰীগৰাকীৰ শিৱসাগৰৰ গৃহত উপস্থিত হৈ দীৰ্ঘ সময় পৰিয়ালৰ লোকৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী৷ 

ছাত্ৰী ৰাধাৰ মাতৃ আৰু ভগ্নীৰ সৈতে হোৱা আলোচনাকালত সমাজ কল্যাণ বিভাগৰ পৰা সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস দিয়ে৷ মন্ত্ৰীগৰাকীয়ে ৰেল বিভাগে ৰাধাৰ ভগ্নীক চাকৰি দিয়াৰ কথা চিন্তা চৰ্চা কৰা থকা বুলি কয়৷ আনহাতে সমাজ কল্যাণ বিভাগৰ পৰা পৰিয়ালক ২ লাখ টকাৰ সাহায্য দিয়াৰ কথাও ঘোষণা কৰে৷