
দিচাংমুখঃ শিৱসাৰৰ যুৱক পৰশ জ্যোতি দাসে দেশৰ ৰাজধানী দিল্লীত যোৱা ৯ ডিচেম্বৰত ড০ বিআৰ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপে বঁটা গ্ৰহণ কৰে৷ শিৱসাগৰ জিলাৰ সমাজকৰ্মী, লিখক তথা কবি তথা নাট্যকাৰ পৰশ জ্যোতি দাসক দলিত সাহিত্য অকাডেমীয়ে আগঢ়াই এই বাঁটা৷ দৰিদ্ৰ, দলিত, খাটিখোৱা লোকসকলৰ হৈ কাম কৰা লোকক এই বঁটা প্ৰদান কৰি আহিছে দলিত সাহিত্য অকাডেমীয়ে৷
এই বঁটা লাভ কৰি শিৱসাগৰ জিলাৰ পৰশ জ্যোতি দাসে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ'য় ড০ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপৰ ৩৩ সংখ্যক অধিবেশন অনুষ্ঠিত হয়৷ শিৱসাগৰ জিলাৰ ২ নং চাউলকৰা গাঁৱৰ (আখৈফুটীয়া) কাশীৰাম দাস আৰু নিৰু দাসৰ কনিষ্ঠ পুত্ৰ পৰশ জ্যোতি দাস একেৰাহে কবি, সাহিত্যিক, সামাজসেৱক, সাংস্কৃতিক কৰ্মী৷ এগৰাকী অধিবক্তা পৰশ জ্যোতি দাস ওকালতি কৰাৰ লগে লগে সমাজ খনৰ বাবে কিবা এটা কৰাৰ প্ৰবল ইচ্ছা পুহি ৰাখিছে৷
তেওৰ বিভিন্ন কাকত আলোচনীত কবিতা, গল্প আৰু বিভিন্ন প্ৰবন্ধ তথা সমালোচনাত্মাক লিখনী প্ৰকাশ পোৱাৰ লগতে ২০১২ চনত ‘তোমাৰ উপযোগী হ'বলৈ কিহৰ প্ৰয়োজন মোক’ ২০১৬ চনত ‘এদিন বৰ অহংকাৰী হ'ম মই’ নামৰ দুখন কবিতা পুথি প্ৰকাশ পায়৷ স্পন্দন, স্বাধীনতা তাকো লাগে, শেষ নিশা, সময়ৰ বাব, এটি বিষন্ন হাহিঁ, হেপ্পী নিউ ইয়েৰ, দেট ইজ অ'লছ' ইম্পৰটেন্ট মেটাৰ আদি গল্পই সমাদৰ লাভ কৰে৷ "বহ বহ বহ" শীৰ্ষক এটি ৰহস্য গল্পও লিখিও সমাদৰ লাভ কৰে৷
নাটক পৰিচালক হিচাপে কাম কৰে তেও৷ ঘৰ সংসাৰ, বান্দৰবাৰী প্ৰথমিক চিকিৎসা কেন্দ্ৰ, ঘটিতু ক'ত গ'ল, পৰিবৰ্তন, আমাৰ নাটক আদি একাংকিকা নাট লিখি সামাজিক বাৰ্তা দিবলৈ সক্ষম হয়৷ স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে তেও৷ নাট পৰিচালনা কৰাৰ সমানে সমানে অভিনয় কৰাও দেখা যায়৷ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ বঁটা বিতৰণী সভাত বঁটা সংগ্ৰহ কৰি দাসে তেওঁ কাহানিও কোনো বটাঁৰ আশাত সমাজৰ বাবে কাম কৰা নাছিল বুলি কয়৷ এনে বটাঁ প্ৰদান কৰা বাবে ভাৰতীয় দলিত অকাডেমীক ধন্যবাদ জ্ঞাপন কৰে৷