
ধুবুৰীঃ গৌৰীপুৰ বেপাৰীপট্টিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে ব্যক্তিগত মহাবিদ্যালয়ত আজি হস্তীৰ কন্যা তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৪তম জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷
কাৰ্যসূচী অনুসৰি পুৱা গোৱালপৰীয়া লোকগীত সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ লগতে বন্তিপ্ৰজ্বলন কৰে প্ৰতিমা বৰুৱা পাণ্ডে কলেজৰ অধ্যক্ষ মোৱাজ্জেম হুছেইন তালুকদাৰে৷
তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ আধাৰত বক্তব্য প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷
সন্ধিয়া গীত-মাতৰ মধুৰ আৱেশৰ পাছতে কোকিলকণ্ঠীৰ জন্মজয়ন্তীৰ সামৰণি পৰে৷ এই অনুষ্ঠানত প্ৰতিমা বৰুৱা পাণ্ডে কলেজৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে৷