নিলোৎপল-অভিজিতৰ আত্মাৰ সদ্গতি কামনা কৰি বন্তি জ্বলালে কাৰ্বি আংলঙৰ শিক্ষক সমাজে

newsnextone.com | বোকাজানঃ দুই যুৱকৰ হত্যা কাণ্ডই ৰাজ্য উত্তাল হৈ কৰি ৰখাৰ সময়তে কাৰ্বি পাহাৰৰ ৰাইজে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ জনাই আহিছে৷ কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত কাংণ্ঠিলাংছত প্রকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ যোৱা দুই যুৱকক সোপাধৰাৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কাৰ্বি আংলঙৰ শিক্ষক সমাজে৷

বুধবাৰে কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ প্ৰাথমিক শিক্ষক সংস্থাই নিহত নিলোৎপল দাস আৰু অভিজিত নাথৰ আত্মাৰ সদ্গতি কামনা কৰি ৰজাপথাৰ প্ৰাথমিক শিক্ষক কেন্দ্ৰ টিজিচি ভৱনত বন্তি প্ৰজ্বলন কৰে৷

দুয়ো যুৱকৰ আত্মাৰ সদগতিৰ কামনা কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে শিক্ষকসমাজে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সংস্থাৰ সভাপতি কমলেশ্বৰ চৰংছাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বাপিৰাম বে'ই৷ অনুষ্ঠানত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থা চমুকৈ KAPTAৰ ব্লক সভাপতি বাবুলাল ইংতি, কাৰ্বি আংলং টেট শিক্ষক সন্থাৰ সভাপতি উমাকান্ত টেৰণ, সহঃ সম্পাদক ধ্ৰুৱজ্যোতি বৰাৰ লগতে ৰজাপথাৰ অঞ্চলৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকি কাণ্ঠিলাংছ'ৰ ঘটনাত  দুখঃ প্ৰকাশ কৰে৷

সমাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনায়। অনুষ্ঠানত মৰ্মান্তিক ঘটনাটোক সকলোৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুৰ্বৃত্তক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে ৰাইজক সোপাধৰা বা তেনেধৰণৰ কোনো অপপ্ৰচাৰত ভূল নগৈ আইন হাতত তুলি লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ কোনো নিৰীহ ব্যক্তি অন্ধবিশ্বাসৰ বলি নহয় তাৰ বাবে নিজ নিজ অঞ্চলত জনসচেতনতা বৃদ্ধিৰ বাবে কাম কৰিবলৈ ৰাইজক আহ্বান জনায়৷