পাহাৰীয়া জিলা কাৰ্বি আংলঙত আছু-কৰ্মচাৰী পৰিষদৰ ‘প্ৰেৰণাৰ দিন’ পালন

newsnextone.com | বোকাজানঃ সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বোকাজানত সদৌ অসম ছাত্ৰ সন্থা আৰু কৰ্মচাৰী পৰিষদৰ উদ্যোগত প্ৰেৰণাৰ দিন পালন কৰে৷ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত বোকাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু বোকাজান আঞ্চলিক কৰ্মচাৰী পৰিষদে এনআৰচিত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ সু-স্বাস্থ্য, উৎসাহ আৰু নিৰাপত্তাৰ কামনা কৰি প্ৰেৰণাৰ দিন পালন কৰে৷ 

বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত আছুৰ শ্বহীদ বেদীত ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে কৰ্মচাৰী পৰিষদৰ নেতৃত্বই সমবেত হৈ বন্তি প্ৰজ্বলন কৰি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কাৰ্যসূচীত উপস্থিত আছুৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া আৰু কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰাই অসমত বিষয়া-কৰ্মচাৰীসকলৰ সু-স্বাস্থ্য কামনা কৰি এনআৰচিৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক নিৰাপত্তা দিয়াৰ দাবী জনাই৷ 

৮৫৫ গৰাকী শ্বহীদৰ কেচা তেজৰ বিনিময়ত লাভ কৰা এনআৰচি সঠিকভাৱে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে বহু বাধা-বিঘিনিৰ সন্মুখীন হোৱাৰ সত্বেও অসমৰ বিষয়া-কৰ্মচাৰীসকলে যি মনোবল আৰু সাহসেৰে এনআৰচিৰ কাম কৰি আছে সেয়া যথেষ্ট প্ৰশংসনীয় বুলি কয় ছাত্ৰ নেতা দুগৰাকীয়ে৷ 

কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা, বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়াৰ লগতে বোকাজান আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নেতৃত্বত উপস্থিত থাকি এনআৰচি সময়মতে প্ৰকাশ হোৱাৰ লগতে অসমত অবৈধ নাগৰিকৰ সংস্থাপন মানি লোৱা ন’হব বুলি কোৱাৰ লগতে নিষ্ঠা আৰু সততাৰে নাগৰিকপঞ্জীৰ কামত সহযোগিতা কৰাৰ লগতে অসমৰ স্বাৰ্থত আগুৱাই যোৱাৰ সংকল্প লয়৷