
newsnextone.com | নগাঁওঃ অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত অহা ১, ২ আৰু ৩ আহিন (১৮, ১৯ আৰু ২০ ছেপ্তেম্বৰ)ত ৫৭০ সংখ্যক গুৰু জয়ন্তী উৎসৱ ভাগ আড়ম্বৰপূৰ্ণ ভাৱে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহঃ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, যোগেন শইকীয়াকে প্ৰমুখ্য কৰি কাৰ্যকৰী সদস্য সকলৰ উপস্থিতিত এক সংবাদ মেলত গুৰুজয়ন্তীৰ কাৰ্যসূচী উন্মোচন কৰা হয়।
গুৰুজয়ন্তীৰ কাৰ্যসূচী অনুসৰি ১৮ ছেপ্তেম্বৰৰ পুৱা থানৰ নিত্য নৈমিত্তিক প্ৰসঙ্গৰ পিছত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিৰ হ'ব লগীয়া অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে। দিনৰ ২ বজাত গুৰু চৰিত পাঠ। সন্ধিয়া ৬ বজাত অসম ভিত্তিত দিহানাম প্ৰতিযোগীতাৰ শুভ উদ্বোধন কৰিব শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি পৰমানন্দ দেৱ মহন্তই।
১৯ ছেপ্তেম্বৰত পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই। সন্ধিয়া ৬ বজাত বটদ্ৰৱা থান আৰু দৌল মন্দিৰ প্ৰাঙ্গনত ৫৭০ গছি বন্তি প্ৰজ্বলন কৰিব যোগেশ বৰনামলগোৱা আৰু দেবেন আতৈয়ে। নিশা ৯ বজাত শলগুৰি সত্ৰৰ ৰাইজে "নৃসিংহ যাত্ৰা" ভাওনা প্ৰদৰ্শন কৰিব।
২০ ছেপ্তেম্বৰত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হব লগীয়া ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত দাস, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপসভাপতি পদ্মশ্ৰী সূৰ্য হাজৰিকা, প্ৰাগ চেনেলৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণ, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকী গন্য মান্য লোক উপস্থিত থাকিব ।গতিকে সমূহ কাৰ্যসূচীত অসমৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে৷