
গুৱাহাটীঃ কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা৷ ৰাজ্যবাসীয়ে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ ইতিমধ্যে সাজু হৈ হৈছে৷ আজি সন্ধিয়াৰ পৰাই মৃন্ময় মুৰ্ত্তিসমূহ নিজৰ প্ৰতিষ্ঠানলৈ নিয়া পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ মৃৎ শিল্পীৰ হাতত প্ৰাণ পায় উঠিছে মৃন্ময় মুৰ্ত্তি৷
গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃন্ময় শিল্পীয়ে নিৰ্মাণ কৰা মুৰ্ত্তিৰ চাহিদা হ্ৰাস পোৱাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। মুৰ্ত্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী তুলনামুলক ভাবে মূল্য বৃদ্ধি হোৱাত গ্ৰাহকে বিচৰা ধৰণে আকৰ্ষণীয় নোহোৱাত মুৰ্ত্তি সমূহৰ বিক্ৰিৰ পৰিমাণ হ্ৰাস পােৱা বুলি জানিব পৰা গৈছে।
থলুৱা মৃৎ শিল্পীসকলৰ বাবে পৰ্যাপ্ত বজাৰ ব্যৱস্থা নথকাত বহিৰাগত শিল্পীয়ে ৰাজ্যত থিতাপি লৈ নিৰ্মাণ কৰা মুৰ্ত্তিৰে ৰাজ্য ভৰি পৰা পৰিলক্ষিত হৈছে।
তাৰ মাজতো ৰাজ্যবাসীয়ে উলহ-মালহেৰে কাইলৈ পালন কৰিব বিশ্বকৰ্মা পূজা৷ একাংশ মৃৎ শিল্পীয়ে জিএছটিৰ বাবে সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত এইবেলি ১০০ টকাকৈ মুল্যবৃদ্ধি কৰা বুলি কয়৷