কাৰ্বি পাহাৰৰ বোকাজানত প্ৰেছ ক্লাৱৰ উদ্যোগত শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি

বোকাজানঃ অহা ১৭ জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে কাৰ্বি আংলং জিলাৰ বোকাজানত৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ অন্যতম সাংবাদিক সন্থা বোকাজান প্ৰেছ ক্লাৱৰ উদ্যোগত বোকাজান ব্ল'ক বাকৰিত ১৭ জানুৱাৰীত দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰিব বুলি জানিব পৰা গৈছে৷

কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈয়ে আৰু ৮.৩০ বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ অনুষ্ঠানত প্ৰজ্জ্বলক ৰূপে উপস্থিত থাকিব কাৰ্বি আংলং জিলাৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি জয়ছিং টকবিয়ে৷ পুৱা ১১ বজাত কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাংবাদিক, লেখক সঞ্জু বৰাই প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰাৰ পাছতেই চিত্ৰাংকন, কবিতা আবৃত্তি, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধ্যা ৬ বজাত বঁটা বিতৰণী, সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত হ’ব৷

বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত হবলগীয়া মুকলি সভাতেই সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই সাংবাদিক ৰঞ্জিত বৰাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ "ৰূপকোঁৱৰ" উন্মোচন কৰিব৷ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট সাংস্কৃতিক সাংবাদিক, লিখক বিদ্যুৎ কুমাৰ ভূঞা আৰু নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বিশিষ্ট নিৱন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড০ সৌমাৰজ্যোতি মহন্তই৷

মুকলি সভাত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব বোকাজানৰ স্থানীয় বিধায়ক ডাঃ নোমল ম'মিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য জগত সিং ইংতি, সদস্য লংকি তিমুং, মুকুট মহন্ত, আৰক্ষী অধীক্ষক শিৱপ্ৰসাদ গাঞ্জালা, বোকাজান মহকুমাৰ মহকুমাধিপতি দিলীপ তেৰাং, বিশিষ্ট সাংবাদিক সঞ্জু বৰা, প্ৰদীপ কুমাৰ নাথকে কৰি বহু বিশিষ্ট লোক৷

সন্ধিয়া ৭.৪৫ বজাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকনে উদ্ধোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত স্বৰগম সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ শিল্পীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট "ৰূপকোঁৱৰ" প্ৰদৰ্শন কৰাৰ উপৰি থাকিব আমন্ত্ৰিত শিল্পী গীতালি কাকতিৰ গীতৰ শৰাই৷ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি বোকাজান প্ৰেছ ক্লাৱে মুকলি সভাতে কাৰ্বি আংলংৰ জ্যেষ্ঠ সাংবাদিক নগেন বৰাক "সেউজ বঁটা" প্ৰদান কৰিব৷

অসমীয়া জাতীয় জীৱনৰ শতাব্দীজোৰা জ্ঞানি আৰু দ্বন্দ যুগৰেই সৃষ্টি জ্যোতিপ্ৰসাদ, যাৰ কৰ্ম আৰু ৰচনা সম্ভাৰত ফুটি উঠিছিল ব্যক্তি, সমাজ, জাতি আৰু মানৱৰ মুক্তিৰ পথ৷ আজিৰ যুগসন্ধিৰ এই ভয়াবহতাত প্ৰয়োজন হৈছে জ্যোতিৰ জেউতি৷ সেই উদ্দেশ্য আগত ৰাখি নৱ-প্ৰজন্মক এই জেউতিৰ আভাষ দিয়াৰ মানসেৰে বোকাজান প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ১৭ জানুৱাৰীত বোকাজান ব্লক বাকৰিত এদিনীয়াকৈ বিস্তৃতি কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা শিল্পী দিৱসত সকলো ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈৰ লগতে যুটীয়া সম্পাদক ৰুবুল দিহিঙীয়া আৰু আনন্দ তেৰাঙে৷

১৯৫৩ চনৰ ১৭ জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালা মৃত্যু বৰণ কৰে৷ প্ৰথম বাৰৰ বাবে শিল্পীগৰাকীক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল যদিও প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নমাকৰণ কৰা হয়। গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা জ্যোতি প্ৰসাদৰ অসমীয়া ভাষা-সাহিত্য, কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলােতে দখল আছিল৷