নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰেৰণাই প্ৰদান কৰিলে সাক্ষ্য

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ সাক্ষ্য দিয়াৰ ক্ষেত্ৰত কোনেও বাদ নপৰিল৷

প্ৰেৰণা পুথিভঁৰাল সন্দৰ্ভত জানিবলৈ ক্লিক কৰি পঢ়ক এই বাতৰি
 গ্ৰন্থ পঢ়াৰ বিপ্লৱ কৰা প্ৰেৰণাই সংৰক্ষণ কৰিব স্মৰণিকা, স্মৃতিগ্ৰন্থ, কোষগ্ৰন্থ

মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধৰণে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ 

তাৰ লগতে দেখা নলবাৰী জিলাৰ অগ্ৰণী অনুষ্ঠান প্ৰেৰণা পুথিভঁৰালেও শুনানিত অংশ লৈ যুটীয়া সংসদীয় সমিতিৰ আগত মত প্ৰকাশ কৰে৷ নামনি অসমৰ নলবাৰী জিলাৰ গ্ৰন্থ বিপ্লৱৰ অন্যতম হোতা প্ৰেৰণা পুথিভঁৰালৰ নেতৃত্বই পুৱাই ওলাই আহে৷ মানুহক ভালপোৱা মানুহৰ অনুষ্ঠান বুলি কোৱা হয় প্ৰেৰণাক৷ গ্ৰন্থৰ প্ৰেমীকৰ এটি অনুষ্ঠান বুলি কোৱা হয়৷ 

প্ৰকৃত শিক্ষাৰ দিনলিপি, শিক্ষা আৰু জ্ঞানৰ পোহৰ দিবলৈ চেষ্টা কৰা, আৱাল, বৃদ্ধ বনিতা, কিশোৰ-কিশোৰীৰ আবেগৰ অনুষ্ঠান বুলি কোৱা হয় প্ৰেৰণাক৷ প্ৰেৰণাই জাতীয় দায়িত্বৰ ক্ষেত্ৰতো যেন সচেতন তাৰ প্ৰমাণ দিয়ে সোমবাৰে৷ প্ৰেৰণাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত দান কৰে যুটীয়া সংসদীয় সমিতিৰ সন্মুখত৷