আম আদমি পাৰ্টিৰ ২০ বিধায়কক বৰ্খাস্তৰ আৱেদনত ৰাষ্ট্ৰপতিৰ অনুমোদন

Oneindia
Oneindia

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচন আয়োগে দিল্লীৰ শাসকীয় দল আম আদমি পাৰ্টিৰ ২০ বিধায়কক বৰ্খাস্ত কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ওচৰলৈ আৰ্জি প্ৰেৰণ কৰিছিল৷ নিৰ্বাচন আয়োগৰ আৰ্জি গ্ৰহণ কৰি ২০ বিধায়কক বৰ্খাস্ত কৰাৰ আৱেদনত অনুমতি প্ৰদান কৰিলে দেশৰ ৰাষ্ট্ৰপতিয়ে৷ দিল্লী চৰকাৰে ২০গৰাকী বিধায়কক সংসদীয় হিচাপে নিয়ুক্তি দিছিল মুখ্যমন্ত্ৰীয়ে৷ বিধায়ককসকলে সংসদীয় সচিব তথা বিধায়ক হৈয়ো ব্যক্তিগত লাভালাভ তথা ‘অফিচ অৱ প্ৰফিট’ত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন কৰে৷

নিৰ্বাচন আয়োগক অভিযোগ দাখিলৰ পিছত নিৰ্বাচন আয়োগে তদন্ত আৰম্ভ কৰে৷ তদন্তৰ পিছত নিৰ্বাচন আয়োগে ২০ বিধায়কক বৰ্থাস্ত কৰাৰ সিদ্ধান্ত লৈ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে৷ শুকুৰবাৰে নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা অনুমোদনত দেওবাৰে অনুমতি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে৷ তাৰ পিছতো দিল্লী বিধান সভা ভংগ হোৱাৰ ভয় নাই আম আদমি পাৰ্টিৰ৷

৭০গৰাকী সদস্যৰ বিধানসভাত আপৰ বিধায়কৰ সংখ্যা ৬৬গৰাকী৷ আনহাতে বিৰোধি কংগ্ৰেছ আৰু বিজেপিয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি অৰবিন্দ কেজৰিৱালক পদত্যাগ দাবী উত্থাপন কৰে কংগ্ৰেছ-বিজেপিয়ে৷ আনহাতে আম আদমি পাৰ্টিক কাৰণ দৰ্শোৱাৰ সময় দিয়া নাই বুলি জানিব পৰা যায়৷ আদালতৰ ওচৰ চাপিব বুলি জানিবলৈ দিয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষে৷ ৰাজনৈতিক পৰিৱেশ গৰম হোৱাৰ সময়তে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অচল কুমাৰ জ্যোতিৰ বিৰুদ্ধে পক্ষপাত কৰাৰ অভিযোগ উত্থাপন কৰে আপে৷

২০১৫ চনত বিধান সভা নিৰ্বাচনৰ পিছত বিধায়ক হোৱাৰ পিছতো আম আদমি পাৰ্টিৰ প্ৰায় ২০গৰাকী বিধায়ক ব্যক্তিগত লাভজনক ব্যৱসাসত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দেশৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত পাটিলে আদালতত দাখিল কৰা আৱেদনৰ জৰিয়তে জনপ্ৰতিনিধিসকলে লাভ জনক পদত থকাৰ লগতে সংসদীয় সচিব হৈ থকাত বৰ্খাস্ত কৰাৰ দাবী কৰে৷ 

তাৰ পিছতে নিৰ্বাচন আয়োগ বিধায়কসকলৰ বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়৷ বিগত বছৰৰ জুন মাহত বিধায়কসকলে নিৰ্বাচন আয়োগৰ ওচৰত ওলোটাই আৱেদন কৰিছিল যদিও আৱেদন খাৰিজ কৰে আয়োগে৷ ২০১৭ চনৰ আগষ্ট মাহত দিল্লী উচ্চ ন্যায়ালয়ত বিধায়কসকলে অধিবক্তা প্ৰশান্তৰ আৰ্জি খাৰিজ কৰাৰ আৱেদন জনাইছিল৷ আৱেদনত উল্লেখ কৰা মতে, সচিব হিচাপে ২০১৬ চনত নিয়োগ বাতিল হোৱা বুলি কয়৷ উচ্চ ন্যায়ালয়ে আৱেদনৰ শুনানী নকৰাৰ লগতে বিধায়ক আৰ্জি গ্ৰহণ কৰা অসম্ভৱ বুলি কয়৷ ইয়াৰ লগে লগে কংগ্ৰেছে ২০গৰাকী আপৰ বিধায়কৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ আৱেদন জনাই নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত অচল কুমাৰ জ্যোতিক৷