ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।

কেন্দ্ৰটোৰ প্ৰেক্ষাগহত অনুষ্ঠিত প্ৰেছ দিৱসৰ কাৰ্যসূচী সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক মনজিৱ মুছাহাৰীয়ে সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা। বিদেশত অধ্যয়ণৰত টু'লিকা ইছমাইলে নিৰ্দিষ্ট-বক্তা হিচাপে নামিবিয়া ৰাষ্ট্ৰীয়ৰ সংবাদ স্বাধীনতা আৰু সংবাদিকৰ দায়বদ্ধতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত নাগালেণ্ডৰ ছাত্ৰী কেথ'লেনৌ নেহু এ মুখ্যবক্তা হিচাপে নাগালেণ্ডত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সংবাদিকৰ দায়বদ্ধতা শীৰ্ষক বক্তব্য আগবঢ়ায়। অন্যহাতে ছাত্ৰ মৃদুপৱন বড়াই অসমত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু দায়বদ্ধতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰথমে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পো'ষ্টাৰ অংকন আৰু শ্ল'গা‌ন লেখন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও মুকলি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিজয়ী প্ৰতিযোগী সকলৰ মাজত পুৰস্কাৰো বিতৰণ কৰা হয়। শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অনুষ্ঠানত অতিথি হিচাপে সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপিকা কান্তা কাৱেৰী সোণোৱাল আৰু সহকাৰী অধ্যাপক অভিজিত সন্দিকৈ, সহকাৰী অধ্যাপিক জেনিফাৰ ছাহিন হুছেইনৰ উপস্থিত থাকি বক্তব্য আগবঢ়ায়।