২৪ ঘণ্টীয়া তিনি পাৰ্বত্য জিলা বন্ধৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

newsnextone.com | কাৰ্বি আংলংঃ ৪ চেপ্তেম্বৰৰ পুৱা ৫ বজাৰ পৰা ৫ চেপ্তেম্বৰৰ পুৱা ৫ বজালৈকে কাৰ্বি আংলংৰ তিনিটা সংগঠন ক্ৰমে এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা আৰু কেএনচিএ য়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া তিনি পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা বন্ধৰ বিৰোধিতাৰে অসমীয়া যুৱ মঞ্চৰ সম্পাদক সচিব জিতুল ডেকাই উচ্চ ন্যায়লয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷ 

এই আবেদনত উল্লেখ কৰা মতে, এই বন্ধই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰিছে৷ ইয়াৰ উপৰিও বন্ধ দিয়া কাৰ্য অবৈধ আৰু এখন গণতান্ত্ৰিক দেশত বন্ধ দিয়াৰ অধিকাৰ কাৰো নাই৷ সেয়েহে তিনিওটা সংগঠনৰ সভাপতিৰ ওপৰত অভিযোগ তুলি কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ২৪ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত হোৱা ক্ষতিপূৰণৰ বাবে প্ৰতিটো সংগঠনৰ সভাপতিয়ে ৫ কোটি টকাকৈ অসম চৰকাৰক জমা দিবলৈ ৰাজহুৱা অভিযোগত উল্লেখ কৰে৷ 

লগতে অন্যান্য এনে অবৈধ বন্ধৰ ওপৰতো বিহিত ব্যৱস্থা লোৱাৰ বাবে আবেদনত উল্লেখ কৰে৷ আনহাতে, এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা আৰু কেএনচিএয়ে৷ সংগঠন কেইটাই আজি বোকাজান প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে, এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা আৰু কেএনচিয়ে পাহাৰীয়া জিলা কেইখনত সংবিধান প্ৰদত্ত অধিকাৰ অনুচ্ছেদ ২৪৪ (ক) স্বায়ত্ব শাসিত ৰাজ্য লাভৰ বাবে ১৯৮৬ চনৰ ১৭ মে'ৰ পৰা ৩২ বছৰ ধৰি সংগ্ৰাম চলাই আহিছে যদিও অসম চৰকাৰ আৰু শাসক পক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই অনিচ্ছা স্বত্বেও সংগঠন কেইটাই বন্ধৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে৷ 

আনহাতে, এই কাৰ্যসূচী সফল হোৱাৰ ভয়ত অসমীয়া যুৱ মঞ্চ নামৰ এটা সংগঠনে উচ্চ ন্যায়লয়ত ৰাজহুৱা আবেদন দাখিল কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠন কেইটাৰ নেতৃত্বই সংবাদমেলত উল্লেখ কৰে যে, উচ্চ ন্যায়ালয়ত জনোৱা এই আবেদনৰ বাবে যদি পাৰ্বত্য জিলাকেইখনত শান্তি বিঘ্নিত হয় তেন্তে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱেই দায়ী হ’ব৷ 

যিহেতু সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈহে এই কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে সংগঠন কেইটাৰ নেতৃত্বই৷ সংবাদমেলত এএচডিচিৰ বোকাজান জিলা সমিতিৰ সভাপতি জীৱন বে', কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জেমছন টিমুংৰ লগতে অন্যান্য সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷