এতিয়া পিয়াজৰ মালা বনাবলৈ মানুহৰ পইচা নাই

আমগুৰিঃ পৰিৱৰ্তন! আগতে পিয়াজৰ মালা পিন্ধিছিল৷ এতিয়া পিয়াজৰ মালা বনাবলৈ মানুহৰ পইচা নাই৷ এই মন্তব্য কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ৷ আমগুৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি বৃহস্পতিবাৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰা বুলি কৈ ৰন্ধন গেছ, আলু, পিয়াজ আদিৰ মূল্যবৃদ্ধিয়ে আকাশ চুইছে বুলি কয়৷

পঞ্চায়ত নিৰ্বাচনৰ বাবে আমগুৰিত সমষ্টিত বাহৰ পাতি থাকি সভা-সমিতি অনুষ্ঠিত কৰি অংকিতাই ব্যাপক প্ৰচাক চলােৱা পৰিলক্ষিত হয়৷ তাৰ মাজতে, বৃহস্পতিবাৰে আমগুৰি সমষ্টিৰ কংগ্ৰছ নেত্ৰী অংকিতা দত্তই জাঁজীৰ নন্দন বন ৰিজৰ্টত এখন সংবাদ মেল অনুষ্ঠিত কৰি পঞ্চায়তে পঞ্চায়তে গৈ ৰাইজে কি বিছাৰিছে মনৰ কথাৰ বুজ লম বুলি কয়৷ বিজেপি, এজিপিৰ মিত্ৰজোঁটৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি দত্তই পৰিৱৰ্তনৰ পৰা পৰিত্ৰান বিচাৰিছে অসমবাসীয়ে আৰু পঞ্চায়ত নিৰ্বাচনত  ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মত প্ৰকাশ কৰে।

কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো পঞ্চায়তৰ বাবে পৃথক ইস্তাহাৰ প্ৰকাশ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমগুৰি সমষ্টিৰ বিভিন্ন পৰ্যায়ত দলীয় টিকট পূৰ্বৰ কামৰ ভিত্তিতহে যোগ্যতা নিৰূপণ কৰা হ'ব বুলি স্পষ্ট কৰে। কেবিনেটত আমগুৰিৰ সৌৰশক্তি প্ৰকল্পৰ বিধেয়ক গ্ৰহণ হৈছে আৰু ২০১৯ চনৰ ভিতৰতে আমগুৰি শক্তি প্ৰকল্পৰ উৎপাদন আৰম্ভ হ'ব বুলি বিধান সভাৰ সংসদীয় সমিতিয়ে আশ্বাস দিয়াৰ সময়তে আমগুৰি শক্তি প্ৰকল্পৰ কাম ২০২১ চনৰ পাছতহে হ'ব আৰু অংকিতা দত্তৰ জড়িয়তে হ’ব বুলি কয়৷