যমুনাৰ ৰাণী ৰহিমা খাতুনক নেৰে বিজেপিয়ে

মোৰাঝাৰঃ দুৰ্নীতি আৰু যমুনামূখ বিধান সভা সমষ্টি যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সমষ্টিটোৰ বিন্নাকান্দী উন্নয়ন খণ্ডৰ দুৰ্নীতি বুলি কলে তবধ মানিব লগা একো নাই। তাৰ মাজতে, উন্নয়ন খণ্ডৰ অধিনস্থ যমুনা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰহিমা খাতুনৰ আন এক চাঞ্চল্যকৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে। যমুনামুখ গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ দ্বাৰা বিগত সময়ত চৰকাৰে আৱন্টন দিয়া লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হয়।

ৰাইজ, দল-সংগঠনে যোৱা ১ নৱেম্বৰত অভিযোগ দাখিল কৰে বিজেপিক। সেই মৰ্মে ৩ নৱেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ পশ্চিম বিন্নাকান্দী ব্লক মণ্ডল সমিতিয়ে জনপ্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্য 381/17U/S.409/468/294/506/34 IPCত এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰে। ব্যাপক দুৰ্নীতিৰে টকা খৰকোৱাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে ৰহিমা খাতুনৰ বিৰুদ্ধে। বিভিন্ন জালিয়াতি কৰি টকা খৰকোৱা ৰহিমা খাতুনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় বিজেপিয়ে।

ইফালে বিজেপিয়ে আৰক্ষীয়ে ৰহিমা খাতুনক বচাবলৈ নানা কূট কৌশল ৰচনা কৰিব বুলি অভিযোগ উত্থাপন কৰে। পূৰ্বৰ এজাহাৰৰ ধাৰা সলাই সাধাৰণ ধাৰা লগাই ৰহিমা খাতুনক দুৰ্নীতিৰ পৰা ৰক্ষা কৰিব বিছৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে।

ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম বিন্নাকান্দী ব্লক আৰু মণ্ডল সমিতিয়ে পুনৰ এজহাৰ দাখিল কৰি আৰক্ষী বিষয়াৰ  জালিয়াতিৰ তদন্ত দাবী কৰে ৷মঙলবাৰে  ভাৰতীয় জনতা পাৰ্টিৰ হোজাই জিলাৰ সংখ্যালঘু মৰ্চাৰ জিলা সমিতিৰ সভাপতি কমৰুল হক চৌধুৰী সংবাদ মেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে।