পঞ্চায়তৰ নথিক বৈধতা, কংগ্ৰেছৰ আদৰণী

গুৱাহাটীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই পঞ্চায়তৰ প্ৰমাণ পত্ৰক বৈধ ঘোষণা কৰে উচ্চতম ন্যায়লয়ে৷ পঞ্চায়তৰ নথিক লৈ আশংকাৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছিল৷ একাংশ লোকে সন্দেহ এনআৰচিত নাম নাথাকিব বুলি সন্দেহ প্ৰকাশ কৰিছিল৷ অৱশেষত উচ্চতম ন্যায়ালয়ে ৰায় যোগে পঞ্চায়তৰ প্ৰমাণপত্ৰ সংযোগী নথি হিচাপে গ্ৰহণ কৰাৰ পক্ষে ৰায় দিয়ে৷

দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়লয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কেইবাটাও শুনানিৰ অন্তত বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে কেন্দ্ৰ-ৰাজ্য চৰকাৰক পঞ্চায়তৰ নথিক সংযোগী নথি হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে৷ একাংশ লোকৰ এই গুৰুত্বপূৰ্ণ ৰায়দানে হে মুখলৈ পানী আনিলে বুলি কব পাৰি৷ শেহতীয়াভাবে উচ্চতম ন্যায়ালয়ে ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশ কৰিবলৈ চৰকাৰ নিৰ্দেশ দিয়ে৷

উচচতম ন্যায়ালয়ে বিভিন্ন দল-সংগঠনৰ আবেদনৰ শুনানি গ্ৰহণ কৰি দিয়া এক ৰায়ত কয় যে প্ৰকৃত বাসিন্দা চিনাক্তকৰণৰ ক্ষেত্ৰত পঞ্চায়তৰ নথি গ্ৰহণযোগ্য হিচাবে বিবেচিত হ’ব৷ ন্যায়ালয়ৰ এই ৰায়ে আকৌ এবাৰ ৰাজ্যত তোলপাৰ লগাইছে৷

বিভিন্ন দল-সংগঠনে উচ্চতম ন্যায়ালয়ৰ ৰায়টোক আদৰণি জনায় উৎফুল্লিত হোৱাৰ বিপৰীতে আন এচামে ৰায়টোক অপ্ৰাসংগিক বুলি কব বিচাৰিছে৷ ইফালে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ন্যায়ালয়ৰ ৰায়টোক আদৰণি জনাইছে৷ মহানগৰীৰ ৰাজীব ভৱনত হোৱা এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু প্ৰক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই এখন বিশুদ্ধ এন আৰ চি খচৰা প্ৰকাশ হোৱাৰ দাবী জনায়৷