মঙলদৈত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু আমছুৰ সংবাদ মেল

চিপাঝাৰঃ আজিও উত্তেজনা অব্যাহত আছে মঙলদৈত। মঙলদৈৰ আউলাচৌকাত ১৯ আগষ্টত মোক্তাৰ আলি নামৰ ব্যবসায়ী জনক গুলীয়াই হত্যাকৰাৰ প্ৰতিবাদত আজি মঙলদৈ প্ৰেছ ক্লাবত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু আমছুৰ পৃথকে পৃথকে দুখন সংবাদমেল অনুষ্ঠিত কৰে৷

সংবাদমেলত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ  মূখ্য উপদেষ্টা ছহিৰ ভূঞাই হত্যাকাণ্ডত উদ্বেগ প্ৰকাশ কৰি ঘটনাক গৰিহনা জনায় । মোক্তাৰ হত্যাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাই পৰিয়ালক আৰ্থিক সাহায্য,পত্নীক চাকৰি আৰু সন্তানক উচিত শিক্ষা প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে৷

ইফালে আমছুৰ সভাপতি আজিজুৰ ৰহমান স্বাক্ষৰিত এক বিবৃতিত ৰাজ্য চৰকাৰ আইন শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱা বুলি অভিযোগ আনি হত্যাৰ প্ৰতিবাদ কৰে৷ উল্লেখ্য যে, মোক্তাৰ আলি হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷