একালৰ সক্ৰিয় বিজেপি নেতাই কলে, ৰাজেন গোহাঁই মেৰুদণ্ডহীন, হিমন্তই ধৰ্মৰ নামত ৰাজনীতি কৰে

newsnextone.com | গোৰেশ্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ দল-সংগঠন, সামাজিক সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, ব্যক্তি বিশেষে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ তাৰ মাজতে বিজেপিৰ বেয়া দিনত দলৰ সৈতে থাকি দলক আজি এনে পৰ্যায়লৈ আনিবলৈ সক্ষম হোৱা বৰ্তমান দল-আৰু চৰকাৰৰ পৰা এলাগী হোৱা একাংশ বিজেৰি নেতাও সোচ্ছাৰ হৈ পৰিছে বিজেপিয়ে আইনত পৰিণত কৰিব খোজা নাগৰিকত্ব সোশোধনী বিধেয়কৰ বিৰুদ্ধে৷

তেনে এজন নেতা হৈছে ৰাজীৱ কাকতি৷ ৰাজীৱ কাকতিয়ে যোৱা বিধান সভা নিৰ্বাচনৰ পূৰ্বৰে পৰা বিজেপিৰ পৰা আতৰি আছে৷ সময় সময়ে বিজেপিৰ কৰ্ম কাণ্ডক লৈ সোচ্চাৰ হৈ পৰা ৰাজীৱ কাকতিয়ে চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি ভাৰতলৈ তথা অসমলৈ হিন্দু বাংলাদেশী আনিব বিচৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে৷ সোমবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি বিজেপিৰ নেতাই দল-সংগঠনেহে প্ৰতিবাদ কৰিছে ৰাইজে কৰা নাই বুলি কৈ অহা কথাষাৰক উভতি ধৰি কয় ‘‘সংগঠন সমূহৰ জন্ম হয় জনসাধাৰণক লৈ। সেয়ে সংগঠনে আন্দোলন কৰা মানে জনসাধাৰণ আন্দোলন কৰা। তেনে ক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত অসমত কেৱল কেইটামান সংগঠনেহে আন্দোলন কৰি আছে, জনসাধাৰণে কৰা নাই বুলি কৈছে৷’’

বৰ্তমান ৰাষ্ট্ৰীয় যুৱ মৰ্চা নামৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিৰ দায়িত্ব লৈ থকা ৰাজীৱ কাকতিয়ে বাক্সা জিলাৰ গোৰেশ্বৰ প্ৰেছ ক্লাৱত ১৪ মে'ত সংবাদমেল অনুষ্ঠিত কৰি বিজেপি দল নীতিৰ বিপৰীতে কাম কৰা আৰু বহুবল্কী কেইবাজনো নেতাৰে ভৰি পৰিছ বুলি কৈ বিশেষকৈ এনেধৰণৰ কথা কোৱা ৰাজ্যিক বিজিপিৰ সভাপতিগৰাকীৰ বাবেই এদিন তেওঁ দলৰ পৰা আতৰি অহা বুলি কয়৷ 

আনহাতে সাংসদ ৰাজেন গোহাঁইক এজন মেৰুদণ্ডহীন নেতা আখ্যা দি কাকতিয়ে অসম চুক্তিৰ আধাৰত চলি থকা এন আৰ চিক মূল্যহীন কৰি, নাগৰিকত্ব সংশোধনী আইনহে বেছি প্ৰয়োজনীয় বুলি কোৱা মন্তব্যক উভতি ধৰি অসম চুক্তি আৰু এনআৰচিৰ অস্তিত্ব নুই কৰি অসমবাসীক বিপথে পৰিচালিত কৰিব বিচাৰি আবোল-তাবোল বকিছে বুলি ক্ষোভ উজাৰে। তেওঁ কয়-জাতিধ্বংসী বিধেয়ক আনিব বিচাৰি মুৰৰ বিকৃতি ঘটিছে ৰাজেন গোহাঁই হতৰ দৰে নেতাসকলৰ। 

স্বাস্থ্য তথা বিত্ত মন্ত্রী তথা নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত ধৰ্মীয় বিভাজন আনিবলৈ অহৰহ চেষ্টা কৰি থকাৰ অভিযোগ উত্থাপন কৰি ৰাজীৱ কাকতিয়ে কয় যে সত্ৰ  আৰু নামঘৰক সাংস্কৃতিক অনুষ্ঠানৰ নাম দি সকলো বিধায়কে এতিয়াৰে পৰা মুকলিকৈ দান বৰঙণি দিব পাৰিব বুলি কোৱা বিত্তমন্ত্ৰীগৰাকীৰ সিদ্ধান্তৰ অন্তৰালত গভীৰ ষড়যন্ত্ৰ লুকাই থকা বুলি আশংকা ব্যক্ত কৰে কাকতিয়ে। নামঘৰ আৰু সত্ৰক অনুদান দিবলৈ দি একপ্ৰকাৰ এটা বিশেষ ধৰ্মৰ লোকক বঞ্চিত কৰিবলৈ বিচাৰিছে বিত্তমন্ত্ৰী গৰাকীয়ে। এই কথা বুজিবলৈ কাৰো বাকী নাই। তেওঁ এনে সিদ্ধান্তৰ জৰিয়তে ধৰ্মীয় বিভাজন আনি মুছলমানৰ লগতে ধৰ্মীয় সংখ্যলঘুসকলক ধৰ্মীয় আঘাট হানিবলৈ চেষ্টা কৰিছে। এনে ধৰণৰ সাম্প্রদায়িক ৰাজনীতি নকৰিবলৈ তীব্ৰ ভাষাৰে সকীয়াই দিয়ে ৰাজীৱ কাকতিয়ে।