আঘোণ-পুহ মাহতে ৰঙালী বিহু, ক্ষোভ বিহু সুৰক্ষা সমিতিৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বঢ়মপুৰঃ মাঘ বিহুৰ উদযাপনৰ নামত আঘোণ-পুহ মাহৰ পৰা ৰঙালী বিহু সদৃশ পৰিবেশৰ সৃষ্টি হয় অসমত৷ একাংশ মাধ্যমত কেৱল বিহু গীত, নৃত্যৰে ৰঙালী বিহুলৈ ৰূপান্তৰ কৰে মাঘ বিহুৰ সময়ছোৱাক৷ কিন্তু কৃষি ভিত্তিক মাঘ বিহুৰ সুকীয়া বৈশিষ্টক ধ্বংস কৰিব খোজা বুলি ৰাজ্যত প্ৰতিবছৰেই চৰ্চা অব্যাহত আছে৷ তাৰ মাজতে গৰজি উঠিল বিহু সুৰক্ষা সমিতি, অসমৰ প্ৰচাৰ আৰু সাংগনিক বিভাগৰ মুখ্য আহ্বায়ক ধ্রুৱ শইকীয়াই৷

এক বিবৃতি যোগে ভোগালী বিহু উদযাপন কৰাৰ নামত ভোগালী বিহুৰ পৰম্পৰা বিনষ্ট কৰি ৰঙালী বিহুৰ পৰম্পৰাৰে উদযাপন কৰাৰ অভিযোগ উত্থাপন কৰে৷ নগাঁৱৰ নেহৰুবালিত সদৌ নগাঁও ভোগালী বিহুৰ উদযাপন সমিতিয়ে মাঘ বিহুৰ সময়ত বিহু প্ৰতিযোগিতা আনুষ্ঠিত কৰিবলৈ যো-জা চলোৱাক তীব্ৰ ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷

ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা নগাঁও জিলাত বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি প্ৰচাৰ হৈ থকাত ক্ষোভ জাহিৰ কৰি বিহু সুৰক্ষা সমিতিয়ে এনে অনুষ্ঠান বন্ধ কৰিবলৈ আহ্বান জনায়। তিনিটা বিহুৰ স্বকীয়তা, মৰ্যাদা, পৰম্পৰা আৰু মহত্ব সম্পূৰ্ণ সুকীয়া বুলি কয়। উদযাপন কৰাৰ বেলিকাও সম্পূৰ্ণ পৃথক।

এনে ক্ষেত্ৰত পৰম্পৰা ভংগ কৰি ভোগালী বিহু আৰু ৰঙালী বিহুৰ ৰীতি নীতি পৰম্পৰা একাকাৰ কৰাত ক্ষোভ প্ৰকাশ কৰি এনে অনুষ্ঠান বন্ধ কৰিবলৈ নগাঁও ভোগালী বিহু উৎসৱ সমিতিক অনুৰোধ জনাই সংগঠনটোৱে অসমবাসীক কোনো কাৰণেই ইলেকট্ৰনিক মিডিয়াত মাঘৰ ভোগালী বিহু উৰুকা আগতীয়াকৈ আয়োজন কৰি বিহুৰ স্বকীয়তা যাতে বিনষ্ট নকৰে তাৰ বাবেই পুণৰ আহ্বান জনায়৷ ।