
চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত ডি ডি আৰ মহাবিদ্যালয় কৰ্তৃপক্ষই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই৷
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ত চৰকাৰী আৱন্টন দিয়া পুজিৰে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিছিল।
প্ৰেক্ষাগৃহটো ২০১৩ চনৰ ৫ নবেম্বৰত তদানীন্তন অধ্যক্ষ ড০ ভূপেন বৰ্মন আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অলক কুমাৰ বুঢ়াগোহাঁইৰ দ্বাৰা উদ্ধোধন কৰে৷
সংগঠনটোৱে উত্থাপন কৰা অভিযোগ আনুযায়ী ডি ডি আৰ মহাবিদ্যালয়ত অধ্যক্ষ ৰূপে যোগদান কৰাৰ দিনৰে পৰাই ড০ ভূপেন বৰ্মনে নিজৰ কাৰ্যালয়ৰ সন্মুখত আৰি থোৱা ফলত নিজৰ নামটোৰ সৈতে ‘ড০’ উপাধিটো ঠিকেই লিখিছে যদিও প্ৰেক্ষাগৃহটোৰ নাম ফলকত সুধাকন্ঠৰ নামৰ আগত ‘ড০’ উপাধিটো উল্লেখ কৰা নাই।
অধ্যক্ষৰ কাৰ্যালয়ৰ দুৱাৰত নাম ফলকত ড০ লিখি আত্মসন্মান জাহিৰ কৰিবলৈ গৈ সুধাকণ্ঠক অপমান কৰা বুলি কয় সংগঠনটোৱে৷ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মান সূচক ড০ উপাধিটোক চৰম অপমান কৰা কাৰ্যত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ব্যথিত হোৱা বুলি কয়।
সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক বিবৃতি যোগে ড০ উপাধিৰে বিভূষিত ভূপেন বৰ্মনক ধিক্কাৰ দি ড০ উপাধিৰ মূল্য নজনা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ভূপেন বৰ্মনক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে।