
ঢেকীয়াজুলিঃ পূজা সমিতিক বঁটা দিলে ঠেলামাৰা আৰক্ষীয়ে৷ শান্তি শৃংখলা বজাই ৰখাৰ লগতে শান্তিপূৰ্ণ ভাবে পূজা অনুষ্ঠিত কৰা চাৰিখনকৈ পূজা সমিতিক ঠেলামৰা আৰক্ষীয়ে পুৰস্কৃত প্ৰদান কৰে বৃহস্পতিবাৰে৷ শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানা এলেকাত ৩৩খনকৈ দূৰ্গা পূজা অনুষ্ঠিত হৈছিল৷ দুৰ্গোৎসৱৰ সমগ্ৰ কাৰ্যসূচি শান্তিপূৰ্ণ ভাবে পাৰ কৰাৰ উদ্দেশ্যে ঠেলামৰা আৰক্ষী প্ৰশাসনে বিশেষ তৎপৰতা অবলম্বন কৰে৷
পূজা অনুষ্ঠিত হোৱাৰ পূৰ্বেই পূজা সমিতিৰ বিষয়-ববীয়াক স্থানীয় আৰক্ষী প্ৰশাসনে সভা অনুষ্ঠিত কৰি সু-শৃংখলিত পূজা সমিতিক বঁটা প্ৰদান কৰাৰ ঘোষণা কৰে৷ ঠেলামৰা বাপুজি ভৱন পূজা সমিতিয়ে প্ৰথম শ্ৰেষ্ঠ, ভেৰগাওঁ (নাহৰবাৰী) পূজা সমিতিয়ে দ্বিতীয়, ঠেলামৰা কালিমন্দিৰ আৰু বৰগাঁও পূজা সমিতিয়ে যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰে৷
ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক চন্দ্ৰ ৰইৰ তৎপৰতাত থানা চৌহদত এখনি বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ ঠেলামৰা পঞ্চায়তৰ সভাপতি জালালউদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে৷
ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কিৰণ চন্দ্ৰ বৰা, উলুবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পংকজ দেৱৰয়, ৰূপকোঁৱৰ শাখা সাহিত্য সভাৰ সভাপতি ভোলা ৰাউতীয়া, বিশিষ্ট সমাজ সেৱক, লেখক ডিমচাঁদ বৰদলৈ, শিক্ষক, লেখক আবুল ইছলাম, গাঁওৰক্ষী বাহিনীৰ বিষয়া মণিৰাম নাথ আদিকে ধৰি বিশিষ্ট লোক সকলে অংশ গ্ৰহণ কৰে৷