
কোকিলাঃ শ্ৰেণী কোঠা এৰি কণ কণ ছাত্ৰ-ছাত্ৰীয়ে উত্তাল কৰিলে বিদ্যালয় চৌহদ৷ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰ৷ বিটিএডিৰ চিৰাং জিলাৰ বড়ো বাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১০৪৯নং শিমলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে৷
নিয়মিত পাঠদানত অনিয়ম, মধ্যাহ্ন ভোজনৰ ধন আত্মসাত, মধ্যাহ্ন ভোজনৰ চাউল পচাই পেলোৱা, ছাত্ৰ-ছাত্ৰীক শৌচালয়ত যোৱাত বাধা কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে মুৰত কিতাপ লৈ বিভিন্ন শ্ল’গানেৰে বিদ্যালয় চৌহদ উত্তাল কৰি তোলে।
বিদ্যালয় খনত ২০০ ছাত্ৰ-ছাত্ৰীৰ বিপৰিতে মাত্ৰ দুজন শিক্ষক আছে যদিও শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বাবে অভিভাৱক সকলে ক্ষোভিত হৈ পৰে৷ অভিভাৱকসকলে বিদ্যালয়ত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে মিৰত কিতাপ লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷