
newsnextone.com।নগাঁওঃ নগাঁও শিক্ষন মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ ড● সিদ্ধাৰ্থ শইকীয়াৰ যোৱা ১ অক্টোৱৰৰ নিশা প্ৰায় ৭ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে ৷ অমায়িক ব্যৱহাৰ আৰু নিষ্ঠা সহকাৰে আগবঢ়োৱা সেৱাৰ বাবে সকলোৰে প্ৰিয়ভাজন হৈ পৰা শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শিক্ষন মহাবিদ্যালয়ত গভীৰ শোকৰ ছাঁই আৱৰি ধৰে | শিক্ষানুষ্ঠানখনৰ সকলো শিক্ষক-কৰ্মচাৰী তথা প্ৰশিক্ষাৰ্থী এক গোট হৈ তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ উদ্দেশ্যে প্ৰশিক্ষন মহাবিদ্যালয়ত এখনি শোকসভা অনুষ্ঠিত কৰি তেখেতৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পন কৰাৰ লগতে তেখেতৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে |
উল্লেখ্য যে-অমায়িক,মৃদুভাষি,সকলোৰে মৰমীয়াল ড° শইকীয়াই মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী কন্যা সন্তানকে ধৰি বহু আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায় | মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৫৫ বছৰ |