
newsnextone.com | মোৰাঝাৰঃ শুকুৰবাৰে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ৫৬.০৪ শতাংশ উৰ্ত্তীৰ্ণৰ হাৰেৰে ৰাজ্যত বিগত বৰ্ষতকৈ এইবছৰ উৰ্ত্তীণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ হাইস্কুল শিক্ষান্তৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ বিদ্যালয়সমূহত আনন্দৰ বন্যা বৈছে৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া নতুন প্ৰস্তুতিৰে ভৱিষ্যত গঢ়াৰ পৰিকল্পনাত ব্যস্ত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল৷
কিন্তু উৰ্ত্তীৰ্ণৰ হাৰত ৰাজ্যৰ চৰকাৰী শিক্ষা বিভাগৰ শিৰ নত হৈ পৰা পৰিলক্ষিত হৈছে৷ প্ৰায়বোৰ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ফলাফল অধিক ভাল হোৱা দেখিবলৈ পোৱা গৈছে৷ গুণোৎসৱ আদি অনুষ্ঠিত কৰি চৰকাৰে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাৰ যিমানেই উন্নতি সাধন কৰিবলৈ চেষ্টা নকৰক কিয়, ফলাফলৰ শেষত কিন্তু চৰকাৰী বিদ্যালয়ৰ ওপৰত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে অাধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷
ৰাজ্যৰ বিভিন্ন অঞ্চলৰ দৰে হোজাই জিলাৰ মোৰাঝাৰতো ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অধিক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷ হোজাই জিলাত চৰকাৰী শিক্ষানুষ্ঠানতকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ চৰকাৰী শিক্ষাখণ্ডৰ দুৰ্বল শিক্ষা ব্যৱস্থাৰ বাবেই ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে৷
শাৰীৰিক অক্ষমতা সফলতাৰ বাধা হ’ব নোৱাৰে৷ এই কথা পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে হোজাই জিলাৰ মোৰাঝাৰৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ এগৰাকী ছাত্ৰীয়ে৷ শুকুৰবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্রথম বিভাগত উৰ্ত্তীৰ্ণ হ’বলৈ সক্ষম হয় মোৰাঝাৰ জ্ঞান জোতি একাডেমীৰ এইগৰাকী ছাত্ৰীয়ে৷ উল্লেখ্য যে, শাৰীৰিক প্ৰতিবন্ধকতাকো নেউচি জেবিন কৌচৰ নামৰ ছাত্ৰীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল৷ পৰীক্ষা হলত ভৰিৰে প্ৰশ্নৰ উত্তৰ লিখি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে পৰীক্ষাত সুন্দৰ ফলাফল দেখুৱালৈ সক্ষম হোৱাত অঞ্চলটোত আনন্দৰ জোৱাৰ বয়৷
অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী জেবিন কৌচৰ পিতৃ এগৰাকী সাধাৰণ গাড়ী চালক৷ জেবিনৰ ফলাফল লাভৰ পিছত বিভিন্ন জনে জেবিনৰ ঘৰত উপস্থিত হৈ ছাত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে বহু লোকে৷ মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজ ট্ৰাষ্টৰ সম্পাদক ছাদিকুজ জামানে জেবিনৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ অধ্যয়নৰ খৰছ বহন কৰিব বুলি প্ৰতিশ্ৰুতি দি ছাত্ৰী গৰাকীক পঢ়াৰ আশা পূৰ্ণ কৰাৰ লগতে দৰিদ্ৰ পিতৃ-মাতৃলৈ সকাহৰ বাৰ্তা কঢ়িয়াই আনে৷