কবি, প্ৰৱন্ধকাৰ অজিত দত্তক ডঃ বি আৰ আম্বেদকাৰ বঁটা, দিল্লীত গ্ৰহণ কৰিব বঁটা

ফাইল ফটো
ফাইল ফটো

লাহোৱালঃ কবি অজিত দত্তক প্ৰদান কৰা হ’ব বিআৰ আম্বেদকাৰ বঁটা৷ ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপে এই বঁটা প্ৰদান কৰিব দত্তক৷ অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ'বলগীয়া ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপৰ ৩৩ সংখ্যক অধিবেশনত বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ হাটখোলা গাঁৱৰ প্ৰয়াত হেম দত্ত আৰু দীপেশ্বৰী দত্তৰ পুত্ৰ কবি অজিত দত্ত স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে৷

কবি, প্ৰৱন্ধকাৰ, বিহু বিশেষজ্ঞ দত্ত কৰ্মসূত্ৰে তিনিচুকীয়াৰ বাসিন্দা। তেওঁৰ নামী ধানৰ ছাউনী(কবিতা), সাহিত্য সংস্কৃতিৰ অন্বেষণ, অপূৰ্ণ পিপাসা (কবিতা), গছী ধানৰ গজৰা (কবিতা), সাহিত্য সংস্কৃতিৰ মুকুৰ, তুলাপাতত তুলিকাৰ তুহিন (কবিতা), সংস্কৃতিৰ সাবয়ব, আহ (একাঙ্কিকা নাট), গজলীয়া বৰষুণজাকৰ পাছত (গল্প), বৰশী (কবিতা), উৰ্মিলা(কবিতা), গ্ৰন্থই সমাদৰ লাভ কৰিছে৷

বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কাব্য কেশৰী, কাব্য বাগীশ, কাব্য সুধাকৰ, কাব্য সুধা, সাহিত্য পদ্ম আদি উল্লেখযোগ্য উপাধি প্ৰদান কৰে।

২০১০ চনত দিশদৰ্শন বঁটা (দিশদৰ্শন প্ৰকাশন, যোৰহাট), কথা বৈভৱ বঁটা (২০১১, নতুন সুৰ প্ৰকাশন পৰিষদ, লখিমপুৰ), শ্ৰেষ্ঠ গ্ৰন্থাকাৰ বঁটা (২০১১, দিশদৰ্শন প্ৰকাশন, যোৰহাট, নামী ধানৰ ছাউনী), শ্ৰেষ্ঠ কাব্য পাণ্ডুলিপি বঁটা (২০০৭-০৮ অসম কবি সন্মিলন, নামী ধানৰ ছাউনী), শ্ৰেষ্ঠ কাব্য পুথিৰ বঁটা (২০০৯-১০ অসম কবি সন্মিলন, অপূৰ্ণ পিপাসা), মহেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণি শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা (২০১১-১২ শিৱসাগৰ জিলা সাহিত্য সভা, সাহিত্য সংস্কৃতিৰ অন্বেষণ), হেমধৰ পূজাৰী সোঁৱৰণি শ্ৰেষ্ঠ কবিতাৰ বঁটা (২০১১১৩, যোৰহাট জিলা সাহিত্য সভা), অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিৱেশনৰ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা (২০১১-১৩, সাহিত্য সংস্কৃতিৰ অন্বেষণ) আদি বঁটা বাহন তথা সন্মান লাভ কৰে।

এগৰাকী বিহু বিচাৰক হিচাপেও খ্যাতি অৰ্জন কৰিছে দত্তই। তেওৰ সাফল্যত মদাৰখাত বাসী উৎফুল্লিত৷