লালুকৰ যুৱনগৰ গাঁও পঞ্চায়তত হতাহতি, চিকিৎসাধীন পঞ্চায়ত সভাপতি

লালুকঃ লালুকত ৱাৰ্ড মেম্বাৰৰ হাতত প্ৰহাৰিত গাওঁ পঞ্চায়ত সভাপতি৷ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত যুৱনগৰ গাঁও পঞ্চায়তত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পঞ্চায়ত খনৰ ৪ নং ৱাৰ্ড সদস্য মফিদুল ইছলামে নিজৰ ৱাৰ্ডত প্ৰস্তাবিত আঁচনি এখন ৰূপায়ন কৰিবলৈ সভাপতি নিজাম উদ্দিনক হেচাঁ প্ৰয়োগ কৰি আহিছিল৷

ইয়াকৈ লৈ আজি ৱাৰ্ড সদস্য জনে সভাপতিৰ লগত তৰ্ক যুদ্ধত লিপ্ত হোৱাৰ লগতে পাছলৈ হতাহতি হয়৷ ৱাৰ্ড সদস্য জনে চকীৰে সভাপতি জনক প্ৰহাৰ কৰাত সভাপতি জনে মূৰত আৰু নাকত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷

ইফালে উপস্থিত ৰাইজে উদণ্ড ৱাৰ্ড সদস্য জনক আবদ্ধ কৰি লালুক আৰক্ষীক খবৰ দিয়াৰ লগতে আহত সভাপতি জনক লালুক আৰ্দশ চিকিৎসালয়ত ভৰ্তি কৰায়৷ কিন্তু চিকিৎসকে সভাপতি জনক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ৷ ঘটনা সৰ্ন্দভত দুয়ো পক্ষই লালুক থানাত গোচৰ দাখিল কৰিছে৷