
ডিজিটেল ডেক্সঃ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকী এটা বিষয়ত অকৃতকাৰ্য হ’ল। সেয়ে কাৰ্যালয়ৰ কোঠাত ছাত্ৰীগৰাকীয়ে শিক্ষকজনক লগ ধৰি বিছাৰিছিল কিছু নম্বৰ বঢ়াই দিবৰ বাবে। কিন্তু ছাত্ৰীগৰাকীৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি উত্তৰাখণ্ডৰ পণ্ট নগৰৰ অধ্যাপকজনে কিশোৰীগৰাকীৰ পৰা এটা চুমা বিচাৰিলে। অধ্যাপকজনৰ এনে অনৈতিক কাৰ্যৰ বাবে গ্ৰেপ্তাৰ হ’বলগীয়া হয়।
ঘটনাটো ৮ মাৰ্চৰ। পণ্ট নগৰৰ ঘাটকোপাৰ নামৰ ঠাইখনৰ এখন জুনিয়ৰ কলেজৰ অধ্যাপকজনে ছাত্ৰীগৰাকীৰ পৰা চুমা বিচাৰি কয় যে তেওঁ বিষয়টোত ছাত্ৰীগৰাকীক পাছ কৰাই দিব। কিংকৰ্তব্যবিমুখ হৈ ছাত্ৰীগৰাকী কোঠাটোৰ পৰা ওলাই আহে আৰু ঘটনাটো গোপনে ৰাখে।
কিশোৰীগৰাকীয়ে মানসিক অশান্তিত ভোগি কেইদিনমানৰ পাছত কথাটো মাক-দেউতাকক কয়। তেওঁলোকে বন্ধুবৰ্গৰ লগত আলোচনা কৰি বিষয়টো আৰক্ষীক অৱগত কৰে। পণ্ট নগৰ আৰক্ষীৰ উপ-আযুক্ত অখিলশ সিঙে জনায় যে অধ্যাপকজনক গ্ৰপ্তাৰ কৰা হৈছে।