
গুৱাহাটী/ফিল’বাৰীঃ বিদেশী বিতাড়ণ কৰি অসম অন্দোলনৰ শ্বহীদক সন্মান প্ৰদানৰ প্ৰতিশ্ৰুতি দি শাসন ভাৰ দখল কৰা বিজেপিয়ে এতিয়া পাভলুটি মৰা পৰিলক্ষিত হৈছে৷ বিদেশী খেদিম বুলি প্ৰতিশ্ৰুতি দি থলুৱাৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপিয়ে এতিয়া অসমত বিদেশী সংস্থাপন কৰাৰ হে পক্ষত ওকালতি কৰি আহিছে৷
ৰাজ্য খনত এতিয়া বিদেশীৰ সংস্থাপনৰ নামত ওকালতি কৰা দল-সংগঠনে সকলো কথাই কব পৰা গল৷ আনহে নালাগে অসম বিধান সভালৈ গৈ অসমৰ জাতীয় দল-সংগঠনক ভাবুকি দি কথা কব পৰা হ’ল৷ এতিয়া নাভুত নাশ্ৰুত কাণ্ড সংঘটিত হ’ব ধৰিছে বিজেপিৰ শাসন কালত৷ এইবাৰ বাঙালী সংগঠনৰ নেতাই বিদেশীৰ সংস্থাপনৰ সপক্ষে হুংকাৰ দিয়ে অসম বিধান সভাৰ চৌহদত৷
সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ সভাপতি সুকুমাৰ বিশ্বাসে ১৪ মাৰ্চত হিন্দু শৰনাৰ্থীক সংস্থাপনৰ দাবী জনোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিবল গৈ সংবাদ মাধ্যমৰ সন্মুখত বিদেশী সংস্থাপনৰ বিৰুদ্ধে কোনো সংগঠনৰ প্ৰতিবাদ কৰাৰ অধিকাৰ নাই বুলি কয়৷ সুকুমাৰ বিশ্বাসে সংবাদ মাধ্যমৰ সন্মুখত কয়, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবই লাগিব৷ কোনো কাৰণত অত্যাচাৰ চলিব নোৱাৰিব হিন্দু বাংলাদেশীৰ ওপৰত৷
অসম বিধান সভাৰ মজিয়াত বাঙালী সংগঠনে এনেদৰে হুংকাৰ দিয়ে৷ অসমৰ দল-সংগঠনক ইতিকিং কৰি বিশ্বাসে আৰু কয় ‘‘অসমত কোনোবাই বিৰুদ্ধাচৰণ কৰিছে বেলেগ কথা কিন্তু ভাৰতত নগৰিকত্ব দিব লাগিব৷ নেতাগৰাকীয়ে অসমৰ জাতীয় দল-সংগঠনক প্ৰত্যাহ্বান জনাই হিন্দু নাগৰিকক নাগৰিকত্ব দিয়াৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই৷’’
অসমৰ সংগঠনৰ হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব নালাগে বুলি কোৱাৰ অধিকাৰ আছে ভাৰতত নগৰিকত্ব দিব নালাগে বুলি কোৱাৰ অধিকাৰ নাই বুলি স্পষ্ট কৰে৷ কাক সুৰক্ষা দিবলৈ কোনো প্ৰতিবাদ কৰে সুকুমাৰে জানো বুলি কয়৷ কোনোবাই অসমীয়া আৰু কোনোবাই বড়ো হিচাপে কৈ আছে তেওলোকে ভাৰতীয় হৈ কওক বুলি প্ৰত্যাহ্বান জনায়৷
এটা জাতি-জনগোষ্ঠীৰ সংগঠনে কিয় প্ৰতিবাদ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে৷ তেওলোকে বিশেষ জনগোষ্ঠী এটাক তোষামোদ কৰি আছে বুলি কয়৷ মুছলমানে সুকীয়া ৰাজ্য লৈ লৈছে বুলি কৈ ভাৰতৰ পৰা পাকিস্তান আৰু বাংলাদেশ লোৱা বুলি কয়৷ ইমানে নহয় হিন্দু সংখ্যাগৰিষ্ঠতা থকা ৰাষ্ট্ৰ হিচাপে হিন্দু খিনিক ভাৰতত আশ্ৰয় দিব লগিব বুলি কয় সুকুমাৰে৷
এই মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৰাজ্যজুৰি৷ ছচিয়েল মিডিয়াত একাংশ কয় ‘‘মুখ্যমন্ত্ৰী মহোদয় এনে পৰিৱৰ্তন আশা কৰা নাছিলো৷’’ একাংশ লোকে এই ক্ষেত্ৰত জাতীয় সংগঠনে মন্তব্য প্ৰকাশ নকৰা কাৰ্যকো ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে৷
NNO ফিল’বাৰীঃ ফিল’বাৰীত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ সভাপতি সুকুমাৰ বিশ্বাসৰ প্ৰতিকৃতি দাহ ৭টাকৈ সংগঠনে৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে অসমৰ দ’ল-সংগঠনৰ মাত মতাৰ অধিকাৰ অধিকাৰ নাই বুলি কোৱাত সুকুমাৰ বিশ্বাসৰ প্ৰতিকৃতি দাহ কৰি তিনিচুকীয়াৰ ফিল’বাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
ফিল’বাৰীৰ থানা চাৰিআলিত আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, নিৱনুৱা পৰিষদ, ফিল’বাৰী যুৱ মঞ্চ ইত্যাদি সংগঠনে বিশ্বাসৰ প্ৰতিকৃতি দাহ কৰে৷