
লালুকঃ এ আৰ চি উন্নিতকৰণৰ নামত ৰাজ্য চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি আৰু এন আৰ চিৰ খচৰা প্ৰস্তুত ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰস্তুতকৰণৰ দাৱীত মঙলবাৰে লালুকৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ প্ৰাংগনত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰূপায়ন কৰা অৱস্থান ধৰ্মঘটৰ অন্তত কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰাতিক হাজেলালৈ পত্ৰ প্ৰেৰণ কৰে৷
সৰ্বানন্দ সোণোৱাল চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশ কৰিবলৈ দাবী জনাই ছাত্ৰ নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু বৰপাত্ৰ গোহাঁই, উপদেষ্টা আজাদ হাজৰিকা আৰু সাংগঠনিক সম্পাদক লেখন হাজৰিকাই৷
এন আৰ চিৰ খচৰা তালিকা প্ৰকাশৰ নামত ৰাজ্য চৰকাৰে অহেতুক বিলম্ব কৰি নিজ খেয়াল খুচি মতেই তৈয়াৰ কৰাৰ পৰিকল্পনা কৰাৰ প্ৰস্তুতি কৰিছে বুলি ছাত্ৰ নেতা ত্ৰয়ে অভিযোগ উত্থাপন কৰে৷