ছাত্ৰক প্ৰহাৰ প্ৰধান শিক্ষকৰ, বিদ্যালয়ত তলা লগাই ৰাইজৰ প্ৰতিবাদ

দলংঘাটঃচেকণিৰ আগত হেনো বিদ্যা থাকে৷ তেনে এষাৰ কথাই আগতে শুনিবলৈ পোৱা গৈছিল৷ বিদ্যালয়ত কিবা এটা নোৱাৰিলে শিক্ষকৰ হাতৰ এচাৰিয়ে হাত ৰঙা কৰিছিল৷ কিন্তু সেয়া আছিল শিক্ষকৰ কৰ্তৃত্ব৷ একেগৰাকী শিক্ষকে চেকমিৰে হাত ৰঙা কৰাৰ পাছতো মৰমো কৰিছিল৷ সেয়ে যিমান চেকণিৰ কোব খালেও পাছদিনালৈ পাহৰি গৈছিল ছাত্ৰই৷ যি আছিল গুৰু শিষ্যৰ আত্মিক সম্পৰ্ক৷ কিন্তু এতিয়া তেনেবোৰ কথা সাধু যেনেই লাগে৷ আজিকালি কিছু সংখ্যক শিক্ষকৰ হাতৰ চেকণিয়ে আদৰ নুবুজে৷ দানৱৰূপী শিক্ষকৰ হাতত পৰি বিদ্যা থকা চেকণিডাল হৈ পৰে অস্ত্ৰ৷ 

তেনে এক ঘটনা দৰং জিলাত সংঘটিত হোৱাৰ পাছত ৰাইজ উত্তেজিত হৈ পৰা গ’ল৷ দৰং জিলাৰ লেংগেৰীয়াঝাৰ কৃষক হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে শুকুৰবাৰে এজন ছাত্ৰৰ সামান্য ভুলৰ বাবে বেয়াকৈ প্ৰহাৰ কৰে৷ যাৰ ফলত ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

মঙলদৈ চিকিৎসালয়ত ছাত্ৰজনক চিকিৎসা কৰাৰ পাছত পৰিয়ালৰ লোকে শনিবাৰে ছাত্ৰজনক ঘৰলৈ লৈ আনে৷ কিন্তু ঘৰলৈ অনাৰ পাছতেই ছাত্ৰজন পুনৰ অসুস্থ হৈ পৰাত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰাবলগীয়া হয়৷

ইয়াৰ পাছতে সৃষ্টি হয় তীব্ৰ উত্তেজনা৷ ছাত্ৰক নিদাৰুনভাৱে প্ৰহাৰ কৰাৰ প্ৰতিবাদত আজি উত্তেজিত শতাধিক ৰাইজে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়ৰ গেটত তলা লগায় দিয়ে৷ আনহাতে পৰিৱেশ অধিক উত্তেজিত হৈ পৰাত বিদ্যালয়ত পাথৰিঘাট আৰক্ষী চকীৰ আৰক্ষী, পাথৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত ৰাইজক শান্ত কৰিবলৈ চেষ্টা চলায়৷

প্ৰধান শিক্ষকগৰাকীৰ বিষয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শকক অৱগত কৰা হ’ব বুলি আছুৰ নেতৃবৰ্গই উত্তেজিত ৰাইজক আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শাম কাটে৷