বঙাইগাঁৱত হিমন্তৰ আগমন, দীনদয়ালে আজিও উত্তাল কৰি ৰাখিছে ৰাজ্য

অভয়াপুৰীঃ দীনদয়াল উপাধ্যায়ৰ নামত ৰাজ্যৰ পৰাক্ৰমী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ২২ খন কলেজৰ নামাকৰণ কৰিব খোজাৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে ৰাজ্য৷

অসমীয়া মানুহে কাহানিও নাম নুশুনা দীনদয়াল উপাধ্যায়ৰ নামত নামাকৰণ কৰিব খোজা বিষয়টো হজম কৰিব পৰা নাই অসমীয়া ৰাইজে৷ আজি ৰাজ্যৰ প্ৰভূত্বশালী শিক্ষামন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলাৰ অভয়াপুৰীত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয়খন উদ্বোধন কৰিবলৈ অহাৰ প্ৰাকমূহুৰ্তত অভয়াপুৰীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷

পণ্ডিত দীনদয়ালৰ উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভয়াপুৰীৰ গাৰোদকানৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে৷