বৰবালি চামৰালি সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ, কমিচনৰাজত চলে কাম-কাজ

newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ বৰবালি চামৰালি সমবায় সমিতিৰ মধ্যম চামৰালি গাঁৱৰ এখন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলি গ্ৰাহক ৰাইজে হোজাই জিলা উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে। মধ্যম চামৰালি গাঁৱৰ আব্দুল মতিনৰ সুলভ দোকানখনৰ পৰা খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতি গৰাকী হিতাধিকাৰীয়ে ৫ কেজি চাউল ৩ টকাকৈ মূল্যত আৰু প্ৰতি কাৰ্ডৰ বিপৰীতে ৩ লিটাৰ কেৰাচিন তেল পাব লাগে। কিন্ত ইয়াৰ বিপৰীতে আধা কেজি চাউল আৰু আধা লিটাৰ কেৰাচিন কম দি ৰামঠগন দি অহাৰ অভিযোগ উত্থাপন হৈছে। 

উল্লেখ্য যে, বৰবালি চামৰালি সমবায় সমিতিৰ বিতৰ্কিত সভাপতি আব্দুল মান্নান খানৰ চত্ৰছায়াত এনেদৰে কমিচনৰ বজাৰ গঢ় লৈ উঠিছে বুলি বহু কেইজন নিৰ্বাচিত সদস্যই দাবী কৰিছে। এইজনা সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ লোৱা হৈছিল, যাৰ বাবে সাম্প্ৰতিক আদালতত গোচৰ বিচাৰাধীন প্ৰক্ৰিয়াত আছে। আদালতে সাময়িক ভাবে তেওঁক দায়িত্ব পালনৰ নিৰ্দেশ দিয়াৰ পিছতে সভাপতিৰ ভাৰ চলাবলৈ গৈ কমিচনৰ বজাৰ খুলি সুলভ মূল্যৰ দোকানীক হাৰাশাস্তি কৰি আছে বুলি বিভিন্ন জনে অভিযোগ উত্থাপন কৰি আহিছে।

ৰাইজৰ অভিযোগ অনুসৰি, হোজাই জিলাৰ এজন বিতৰ্কিত নেতাৰ চত্ৰছায়াত বলীয়ান হৈ দুৰ্নীতিপৰায়ণ সভাপতিজনে অনিয়মৰ পাহাৰ মেলিছে। ইপিনে, সমবায়খনৰ উপ-সভাপতি আব্দুল্লাহে সাধাৰণ দৰিদ্ৰ লোকৰ হকে এক নিকা পৰিৱেশ সৃষ্টি কৰাৰ হকে মাত মতাৰ বাবে বিতৰ্কিত সভাপতিজনে মিচা ভিত্তিহীন অভিযোগ তুলি অপপ্ৰচাৰ চলাই আহিছে বুলিও বিভিন্নজনে মন্তব্য আগবঢ়াইছে।

প্ৰায় অৰ্ধ শতাধিক দৰিদ্ৰ হিতাধিকাৰীয়ে লিখিত আবেদন জনাইছে কিন্তু ন্যায় লাভ কৰা নাই। অভিযোগৰ পিছতে জিলা উপায়ুক্তই যোগান বিভাগত সুলভ দোকানী জনক নিলম্বিত কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো ৰহস্যজনক বাবে যোগান বিভাগে আজিও ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। এতিয়া স্থানীয় ৰাইজে আৰু দল-সংগঠনে উপায়ুক্তক বিতৰ্কিত সভাপতিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।